ETV Bharat / state

ইটাভাটাৰ ট্ৰাকে প্ৰাণ কাঢ়িলে কণমানিৰ - মৈৰাবাৰীত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা

ইটাভাটাৰ এখন ট্ৰাকে মহতিয়াই এটি 7 বছৰীয়া কণমানিৰ প্ৰাণ কাঢ়ি নিলে ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীত ৷ ইয়াৰ পাচতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

ট্ৰাকে প্ৰাণ কাঢ়িলে কণমানিৰ
ট্ৰাকে প্ৰাণ কাঢ়িলে কণমানিৰ
author img

By

Published : Dec 8, 2020, 4:56 PM IST

ধিং, 8 ডিচেম্বৰ: ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰীত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা ৷ ইটাভাটাৰ এখন ট্ৰাকে মহতিয়াই প্ৰাণ কাঢ়ি নিলে এটি 7 বছৰীয়া কণমানিৰ ৷ মৈৰাবাৰীৰ হাতীমূৰীয়াৰ 1 নং ইটাভাটালৈ মাটি কঢ়িয়াই অনা ট্ৰাক এখনে এই দুৰ্ঘটনা সংঘটিত কৰাৰ পাচতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

ইটাভাটাৰ ট্ৰাকে প্ৰাণ কাঢ়িলে কণমানিৰ
ক্ষুব্ধ ৰাইজে ইটাভাটা চৌহদত প্ৰৱেশ কৰি ইটাভাটাত কাম কৰা শ্ৰমিকৰ বাসগৃহ জ্বলাই দিয়ে

ক্ষুব্ধ ৰাইজে ইটাভাটা চৌহদত প্ৰৱেশ কৰি এখন জেচিবি ভাগি পেলায় ৷ ইয়াৰোপৰি ৰাইজে ইটাভাটাত কাম কৰা শ্ৰমিকৰো বাসগৃহ জ্বলাই দিয়ে ৷ পৰিস্থিতিয়ে বিষম ৰূপ ধাৰণ কৰাত ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লগতে স্থানীয় দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷ আনহাতে মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ ৷ উল্লেখ্য যে, বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে চেপা উত্তেজনা ৷ অভিযোগ অনুসৰি ইটাভাটাৰ ট্ৰাকৰ দৌৰাত্ম্যৰ বাবে সঘনাই সেই স্থানত সংঘটিত হৈ আহিছে দুৰ্ঘটনা ৷

লগতে পঢ়ক: লেপেটকটা দুৰ্ঘটনা : নিহতৰ পৰিয়াললৈ অসম চৰকাৰৰ ২ লাখকৈ সাহাৰ্য প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.