মৰিগাঁও, ২ ফেব্ৰুৱাৰীঃ ভক্তি ৰসত বিলীন মৰিগাঁৱৰ সাহিত্য়ৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ । লক্ষাধিক ভক্তক আঁদৰিবলৈ সাজু ৮৮ সংখ্যক শংকৰদেৱ সংঘ অধিবেশন ক্ষেত্ৰ ।
মৰিগাঁও ৰসৰাজ বেজবৰুৱাৰ সমন্বয় ক্ষেত্ৰত ৬,৭,৮,আৰু ৯ ফেব্ৰুৱাৰীত চাৰি দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিবেশন । অধিবেশনখনথলীত লাখ লাখ ভক্তৰ বাবে থকা-খোৱাৰ বাবে কৰা হৈছে বিশেষ আয়োজন । লগতে নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ।