মৰিগাঁও,25 এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত মৰিগাঁৱৰ বিভিন্ন ক’ভিড টেষ্ট চেণ্টাৰত 1,983 গৰাকী লোকৰ ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছে । পহিলা এপ্ৰিলৰ পৰা জিলাখনত মুঠ 25,746 গৰাকীক ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন হোৱাৰ পিছত 268 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷
আনহাতে, শনিবাৰে জিলাখনৰ 58 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি । শনিবাৰৰ দিনটোলৈকে 9 গৰাকী লোক চিকিৎসাধীন হৈ আছে । ইফালে হোম কোৱাৰেণ্টাইন হৈ থকা ৰোগীৰ সংখ্যা হৈছে 243 গৰাকী ৷ এই তথ্য সদৰী কৰিছে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক: পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে:সৰ্বানন্দ সোণোৱাল