মৰিগাঁও, 25 ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে বৃহস্পতিবাৰে মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় 28 সংখ্যক বিজ্ঞান সমাৰোহ ৷ অসম ৰাজ্যিক বিজ্ঞান সমিতিৰ অন্তৰ্গত মৰিগাঁও জিলা বিজ্ঞান সমিতিয়ে জিলাখনৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত 28 সংখ্যক বিজ্ঞান সমাৰোহখন সম্পন্ন কৰে ৷
মৰিগাঁও পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিজ্ঞান সমাৰোহত জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈ নিজ নিজ বিষয়ৰ ওপৰত নথি-পত্ৰ আৰু বিশ্লেষণ আগবঢ়াই । উল্লেখযোগ্য যে ৰাজ্যিক সমিতিৰ কেইবাজনো পৰীক্ষকে অংশ গ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰকল্পৰ ওপৰত মূল্যায়ন কৰে ৷