ETV Bharat / state

মৰিগাঁৱত 18 বছৰৰ উৰ্ধৰ লোকক ক’ভিড ভেকচিন প্ৰদান - ক’ভিশ্বীল্ড

বৃহস্পতিবাৰে মৰিগাঁৱত 2,350 গৰাকী 18-44 বছৰ বয়সৰ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হয় ৷ সমগ্ৰ জিলাখনৰ 20 টাকৈ ক’ভিড চেণ্টাৰত এই ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷

vaccination at morigaon
মৰিগাঁৱত ক’ভিড ভেকচিন প্ৰদান
author img

By

Published : May 21, 2021, 1:47 PM IST

মৰিগাঁও, 21 মে’ : মৰিগাঁৱৰ বহুকেইখন চিকিৎসালয় আৰু বহুকেইটা ক’ভিড চেণ্টাৰত বৃহস্পতিবাৰে 18-44 বছৰ বয়সৰ 2,350 গৰাকী লোকক প্ৰদান কৰা হৈছে প্ৰথম পালি ক’ভিশ্বীল্ড ৷ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা সমগ্ৰ জিলাখনৰ 20 টাকৈ ক’ভিড চেণ্টাৰত 18 বছৰৰ উৰ্ধৰ লোকক ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয় ৷

ইয়াৰ সমান্তৰালকৈ জাগীৰোডৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো জাগী ভকতগাঁও ৰাজ্যিক চিকিৎসালয়ে 100 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰে ৷ আনহাতে, মৰিগাঁও জিলাৰ বাহিৰেও আন জিলাৰ পৰাও বহু লোকে অনলাইন পঞ্জীয়নৰ জৰিয়তে জাগী ভকতগাঁৱত ক’ভিড ভেকচিন গ্ৰহণ কৰে ৷ এই কথা সদৰি কৰে চিকিৎসালয়খনৰ মুখ্য চিকিৎসক ডাঃ সঞ্জয় পাটৰে ৷

বৰ্তমানলৈ প্ৰায় 2,000ৰো অধিক লোকে ভেকচিন গ্ৰহণ কৰিছে এই চিকিৎসালয়খনত । চিকিৎসালয়খনৰ অন্তৰ্গত গাঁওসমূহত বৰ্তমান 67 গৰাকী গৰাকী ক’ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ ভিতৰত কিছুসংখ্যকৰ শাৰীৰিক অৱনতি ঘটাৰ বাবে তেওঁলোকক জাগীৰোড কাগজ কল, মৰিগাঁও আদিৰ ক’ভিড হাস্পতেললৈ পঠোৱা হৈছে বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : মহামাৰীৰ সময়ত টীয়কৰ এফ আৰ ইউত নাই পৰ্যাপ্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.