মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু - Covid 19
মৰিগাঁৱত মঙলবাৰ দিনটোতে 18 টাকৈ শিশু কৰ'ণা (Covid-19)ত আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মুঠ 159 টি শিশু ক'ৰণাত আক্ৰান্তহৈ চিকিৎসাধীন হৈ আছে ৷

মৰিগাঁও, 30 জুন : মৰিগাঁও জিলা (Morigaon District)ত ক'ভিড আক্ৰান্ত শিশুৰ সংখ্যা 1680গৰাকী । মঙলবাৰে এই তথ্য সদৰী কৰিছে মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ (Morigaon health department) ক'ভিড তত্বাৱধায়ক চিকিৎসক অৰুণ কুমাৰ নাথে । মহামাৰী ক’ৰণাত উদ্বেগজনকভাৱে আক্ৰান্ত হৈছে শিশু সকল ৷ সম্পূৰ্ণ কন্টেনমেন্ট জ’ন ৰূপে ঘোষিত মৰিগাঁৱত মঙলবাৰৰ দিনটোতে 18 টাকৈ শিশু আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মুঠ 159 টি শিশু ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
আনহাতে, যোৱা 1 এপ্ৰিলৰ পৰা জিলাখনত মুঠ 1680 টা শিশু আক্ৰান্ত হৈছে কৰ’ণা (corona) মহামাৰীত ৷ অৱশ্যে 18 বছৰৰ তলৰ এইসকল শিশু আৰোগ্য লাভ কৰিছে ৷ সেই হিচাপত শিশুৰ আৰোগ্যৰ হাৰ যথেষ্ট আশাব্যঞ্জক বুলি উল্লেখ কৰিছে মৰিগাঁও জিলা ক’ভিড কেয়াৰৰ তত্ত্বাৱধায়ক ডাঃ অৰুণ নাথে ৷
অৱশ্যে অনাগত দিনত ব্যাপকভাৱে চৰ্চিত "ডেল্টা প্লাছ" যাতে ভয়াৱহ ৰূপ ল’ব নোৱাৰে তাৰবাবে চৰকাৰ সতৰ্ক হৈ থকাৰ লগতে মৰিগাঁৱতো চিকিৎসা ব্যৱস্থা গঢ়ি তোলা বুলি জানিবলৈ দি সকলোকে ক’ভিড বিধি কঠোৰভাৱে মানি চলিবলৈকো আহ্বান জনাইছে ডাঃ অৰুণ নাথে ৷
ৰাজ্যত ক'ভিড সংক্ৰমণৰ হাৰ ক্ৰমশঃ উন্নত হোৱা স্বত্বেও তুলনামূলকভাৱে ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ এতিয়াও বিশেষ হ্ৰাস নোপোৱাৰ সন্দৰ্ভত মঙলবাৰে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই (Keshab Mahanta) । তদুপৰি ক'ভিডত আক্ৰান্ত শিশুৰ বাবে সাজু কৰা আছুতীয়া চিকিৎসা ব্যৱস্থাপনা সন্দৰ্ভতো চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰে আলোচনা কৰে স্বাস্থ্যমন্ত্ৰীয়ে । প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালকেই জুলাইৰ প্ৰথম সপ্তাহৰ পৰাই দৈনিক চিকিৎসাধীন ক'ভিড (Covid 19) ৰোগী সন্দৰ্ভত একোখন হেলথ বুলেটিন (health bulletin) প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।
আনহাতে, ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংযোজিত নতুন ব্যৱস্থা প্ৰযোজ্য কৰিবলৈ মঙলবাৰে নিশা এখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক স্বাস্থ্যমন্ত্ৰীয় গৰাকীয়ে নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক-ক'ভিডত আক্ৰান্ত শিশুৰ বাবে আছুতীয়া চিকিৎসা সেৱা: স্বাস্থ্যমন্ত্ৰী