ETV Bharat / state

মৰিগাঁৱত এই আই ইউ ডি এফৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - শ্ৰমজীৱি জনতা

মৰিগাঁৱত এই আই ইউ ডি এফৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দলটো নেতৃত্বত বৃক্ষৰোপন আৰু দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰি আগন্তুক দিনত দলটোক জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিভিন্ন কাৰ্যসূচীৰ হাতত লৈছে ৷

16th AIUDF Foundation day Celebrate at Morigaon
মৰিগাঁৱত এই আই ইউ ডি এফৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
author img

By

Published : Oct 3, 2020, 8:18 PM IST

মৰিগাঁও, 3 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাটত এই আই ইউ ডি এফৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰতিকূল বতৰৰ বাবে পলমকৈ অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত দলীয় পতাকা উত্তোলন কৰে জিলা সভাপতি ছিদ্দিক আহমেদে ।

লাহৰীঘাট সমষ্টিৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত পতাকা উত্তোলন কৰি ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত পতাকা উত্তোলক তথা মৰিগাঁও জিলা সভাপতি গৰাকীয়ে কয় যে, শোষিত-নিষ্পেষিত,লাঞ্ছিত-বঞ্চিত তথা শ্ৰমজীৱি জনতা উন্নয়নৰ বাবে গঠন হোৱা দলটো প্ৰতিষ্ঠা কালৰে পৰা উত্থান হোৱাৰ বাবে মৌলানা বদৰুদ্দিন আজমলৰ শলাগ লয় সভাপতি গৰাকীয়ে ।

মৰিগাঁৱত এই আই ইউ ডি এফৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ইফালে, 16 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দলটো নেতৃত্বত বৃক্ষৰোপন আৰু দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰি আগন্তুক দিনত দলটোক জনসাধাৰণৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : পৰিত্যক্ত অৱস্থাত মৰিগাঁৱৰ বীৰ চিলাৰায় উদ্যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.