ETV Bharat / state

মৰিগাঁৱত গা-ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

author img

By

Published : Jul 23, 2020, 7:20 PM IST

মৰিগাঁও জিলাত পানীত পৰি সপ্তম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ৷ সমনীয়াৰ সৈতে গা-ধুবলৈ গৈ মৃত্যু হৈছে ছাত্ৰজনৰ ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷

13 YEARS OLD CHILD DEAD IN MORIGAON
মৰিগাঁৱত গা-ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

মৰিগাঁও, 23 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডব চলি থকাৰ সময়তে বৃহস্পতিবাৰে মৰিগাঁও জিলাত এক অঘটন সংঘটিত হয় ৷ জিলাখনৰ মৈৰাবাৰীৰ হাতীমুৰীয়াত পানীত পৰি এজন সপ্তম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ঘটাক লৈ অঞ্চলটোত শোকৰ ছা পৰিছে ৷

মৰিগাঁৱত গা-ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

তথ্য অনুসৰি,মৈৰাবাৰীৰ এম ই মাদ্ৰাছাত অধ্যয়নৰত 13 বছৰীয়া শ্বাজিব আহমেদ নামৰ ছাত্ৰজনে ৰাতিপুৱা সমনীয়াৰ সৈতে খালকাটা বিলৰ ওচৰৰ এটা পুখুৰীত গা-ধুবলৈ গৈছিল ৷ সেই সময়তে পুখুৰীটোৰ দ-খাৱৈত পৰি ছাত্ৰজনৰ মৃত্য়ু হোৱা বুলি জানিব পৰা গৈছে ৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে ৷

লগতে পঢ়ক : বান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.