মৰিগাঁও, 16 জুন : মৰিগাঁও জিলা পৰিষদৰ কংগ্ৰেছী সভানেত্ৰী মজবুন নেহাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ১২ সদস্যৰ । মুঠ ১৩ সদস্যৰ ভিতৰত ১২ গৰাকী সদস্যয়ে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক এই সন্দৰ্ভত আবেদন দাখিল কৰে। মনকৰিবলগীয়া যে,ইয়াৰে ৫জন সদস্য শাসকীয় বিজেপি দলৰ যদিও ৭ জন সদস্য কংগ্ৰেছৰ। ইতিমধ্যে কংগ্ৰেছ বিজেপিৰ ১২ জন সদস্যৰ স্বাক্ষৰ সম্বলিত আনাস্থা প্ৰস্তাৱ কাৰ্যবাহী বিষয়াক প্ৰদান কৰা হয় ।
ইয়াৰ পূৰ্বেও কংগ্ৰেছ বিজেপিৰ একাংশ সদস্যই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ আনিছিল। তৎসত্বেও কেইজনমান কংগ্ৰেছ সদস্যৰ প্ৰচেষ্টাৰ ফলত আসনখন ৰাখিবলৈ সক্ষম হৈছিল ৷ কিন্তু শেহতীয়াকৈ জিলা পৰিষদৰ সদস্যসকলক অন্ধকাৰত ৰাখি জিলাখনৰ মীন বিভাগৰ একাংশ বিষয়াৰে মিলি মীনবিভাগৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা বুলি মজবুন নেহাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে জিলা পৰিষদৰ সদস্যই ৷ সেয়ে স্বয়ং কংগ্ৰেছৰ ৭ সদস্যই জিলাবাসীৰ স্বাৰ্থত বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হ'বলৈ বাধ্য হৈছে বুলি অৱগত কৰে ভূৰবন্ধা জিলা পৰিষদৰ কংগ্ৰেছী সদস্য পবিত্ৰ বৰাই ।