মৰিগাঁও, 12 ডিচেম্বৰ : বৃহস্পতিবাৰে পুৱাই আছু কৰ্মীৰ প্ৰতিবাদত উত্তাল হ'ল মৰিগাঁও। হেজাৰ হেজাৰ লোকৰ প্ৰতিবাদক আওকাণ কৰি বুধবাৰে ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচতেই পুনৰ মৰিগাঁৱত আছুৰ 12 ঘন্টীয়া বন্ধৰ আহ্বান। এই বন্ধ সফল কৰাৰ বাবে পুৱাই আছু কৰ্মীসকল ওলাই আহি ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই বিভিন্ন শ্ল'গান দি সাব্যস্ত কৰে প্ৰতিবাদ।
এই বন্ধক সমৰ্থন জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷ সমান্তৰালভাৱে পুৱাই আছু কৰ্মীয়ে মৰিগাঁও বিজেপিৰ কাৰ্যালয়ত কেব বিৰোধী প'ষ্টাৰ লগায় ৷ উল্লেখ্য যে,মৰিগাঁওবাসীক কেব বিৰোধী আন্দোলন তথা প্ৰতিবাদ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে শান্তি শৃংখলা বজাই অটুত ৰাখিবলৈ আহ্বান জনায় জিলা উপায়ুক্ত ঋতুৰাজ বৰাই ৷