মাজুলী,13 মে’: কৰ্মসূত্রে বহিঃৰাজ্যত থকা মাজুলীৰ সাতজন যুৱক মঙলবাৰে সন্ধিয়া উপস্থিত হয় নিজ গৃহত ৷ কিন্তু যুৱকৰ দলটো গাঁৱত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক চেপা উত্তেজনাৰ । জিলাখনৰ ওপৰ চুমৈমাৰী গাঁৱৰ যুৱককেইজনে জীৱিকাসূত্ৰে দীৰ্ঘদিনে নাগালেণ্ডত বাস কৰিছিল । কিন্তু লক্ ডাউনৰ বাবে কৰ্মহীন হৈ পৰা যুৱক কেইজন নিজ গৃহত উপস্থিত হোৱাত পৰিয়াল তথা গাঁৱবাসীয়ে দেখুৱালে সচেতনতা । Covid-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱবাসীয়ে যুৱক কেইজনক আছুতীয়াকৈ ৰখাৰ উদ্দেশ্যে সমীপৰ এখন মুকলি পথাৰত টিনৰ চালিৰে অস্থায়ী বাসগৃহ নিৰ্মাণ কৰি দিয়ে ।
সম্প্ৰতি যুৱক কেইজনে সচেতনতাৰ নামত দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে ৷ যুৱকৰ দলটোৱে এখন চালিতে বাস কৰিবলগাত কষ্টৰ সন্মুখীন হোৱাৰ লগতে খাদ্য সংকটত পৰিছে ৷ আনহাতে, গাঁৱত থকা বিদ্যালয়খনত যুৱক কেইজনক থাকিব নিদিয়ে ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলে । বিষয় সন্দৰ্ভত আৰক্ষী তথা জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি টিএমপিকে-ৰ সদস্যসকলে উল্লেখ কৰিছে ৷
লগতে চাওকঃ ৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান