ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা বন্য হস্তীৰ অপমৃত্যু

author img

By

Published : Jun 6, 2020, 8:46 PM IST

ৰাজ্যত দিনক দিনে বাঢ়িছে হাতী-মানুহৰ সংঘাত ৷ বাৰে বাৰে প্ৰমাণিত হৈ আহিছে জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতা ৷ কেৰালাত গৰ্ভৱতী হাতীৰ লগত পাশৱিক কাণ্ডই দেশবাসীক জোকাৰি যোৱাৰ পিছতে এইবাৰ মাজুলীত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷

wild-elephant-death-at-majuli
মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা বন্য হস্তীৰ অপমৃত্যু

মাজুলী,6 জুনঃ উজনি মাজুলীত পাৱাৰ ফেঞ্চিঙত লাগি কৰুণ মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে ৷ বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধৰ বাবে বন বিভাগে স্থাপন কৰা পাৱাৰ ফেঞ্চিঙত লাগি শনিবাৰে মৃত্যু হয় এটা বনৰীয়া হাতীৰ ৷ বনৰীয়া হাতীৰ এটা বৃহৎ জাকে উজনি মাজুলীৰ চৰ অঞ্চলত কৃষকৰ খেতি-পথাৰ তহিলং কৰি উপদ্ৰৱ চলাই আছিল ৷ শনিবাৰে হাতীৰ জাকটোৱে ৰাতি প্ৰায় ৯ মান বজাত লাচন ধূনাগুৰিত স্থানীয় কৃষকৰ আহু খেতিকে ধৰি বাৰিৰ ফচল খায় তহিলং কৰি উপদ্ৰৱ চলায় ৷

স্থানীয় লোকৰ পৰা জানিব পৰা মতে,ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটো খেদি পথাবলৈ চেষ্টা কৰে যদিও দুৰ্ভাগ্যক্ৰমে এটা হাতী পাৱাৰ ফেঞ্চিঙত লাগি মৃত্যু হয় ৷ কেৱল হাতীয়েই নহয় বিগত বৰ্ষত এনে পাৱাৰ ফেঞ্চিঙত লাগি এগৰাকী স্থানীয় মহিলা মৃত্যুমুখত পৰিছিল ৷ 2016বৰ্ষতো হাতী-মানুহৰ সংঘাতত মৃত্যুক আকোঁৱালি ল’ব লগা হৈছিল এটি হাতী পোৱালীয়ে ৷ শনিবাৰ নিশাৰ কাণ্ডটোৰ বাবে বন বিভাগক দোষাৰুপ কৰিছে মাজুলীৰ ভিন্ন দল সংগঠনে। পুনৰ যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰবাবে মাজুলী বন বিভাগক ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ প্ৰথম দহটা স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.