মাজুলী, 29 নৱেম্বৰ : আঘোণ মানেই সোণালী পথাৰ ৷ আঘোণ মানেই কৃষকৰ ব্যস্ততা । লহপহকৈ বাঢ়ি সোণালী হোৱা পথাৰখনক লৈ ব্যস্ততাৰ সীমা নাই কৃষক ৰাইজৰ মাজত ।
সোণোৱালী পথাৰত এতিয়া কেৱল ধানৰ কেচ্ কেচ্ শব্দ ৷ হাতত কাঁচি লৈ সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল । আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল ৷ হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ ৷
আঘোণৰ সোণোৱালী পথাৰত ন-ধান চপোৱাত ভীষণ ব্যস্ত মাজুুলীবাসী(Majuli villagers harvesting paddy in the field)। ইয়াৰ লগতে গাঁৱে গাঁৱে চলিছে নৈ বিল পুখুৰী জলাশয়ত মাছ ধৰা পৰ্ব(Assam traditional agriculture custom)।
অসমীয়া কৃষিভিত্তিক পৰম্পৰা(Agricultural Tradition of Assam) ৰক্ষা কৰি সোমবাৰে মাজুলীত পুৱাই শ শ গঞাই হাতে হাতে প'ল’, জুলুকি, জাকৈ, জাল লৈ বেৰখনা পুখুৰী আৰু দলঙা বিলত মাছ ধৰিবলৈ নামিল ৫ খন গাঁৱৰ ডেকা ,বুঢ়া পুৰুষ, মহিলা সকলো । মাছ ধৰাৰ আনন্দত কোনোয়ে যদি গাইছে বিহুগীত, আন কোনোৱে আকৌ যুৰিছে বনগীত । জীয়াৰী বোৱাৰী ডেকাৰ হাতে হাতে শ’ল, বৰালি, কাৱৈ, মৰঠি, পুঠি, খলিহনা । এনেদৰেই আঘোণ মাহৰ প্ৰথম দেওবাৰটোত ৫ খন গাঁৱৰ লোকে মিলি কৰিলে মৎস্য চিকাৰ ।
লগতে পঢ়ক : হঠাৎ কিয় মাজুলীলৈ গ’ল সৰ্বানন্দ সোণোৱাল !