মাজুলী, 4 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ চনৰ ২৯ নৱেম্বৰত মাজুলীৰ দক্ষিণপাটত যোৰহাট-মাজুলী সংযোগী দলং(Jorhat Majuli bridge) নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি মাজুলীক বহিঃবিশ্বৰ লগত সংযোগ কৰাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ মাজুলীবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হোৱাত স্বাভাৱিকতেই আনন্দিত হৈছিল নদীদ্বীপটোৰ বাসিন্দাসকল ৷ যোৰহাট-মাজুলী সংযোগী দলং দলংখনৰ নিৰ্মাণকাৰ্য অব্যাহত থকাৰ সময়তে মাজুলীবাসীয়ে লাভ কৰিলে আন এক সুখবৰ ৷
যোৰহাট-মাজুলী দলঙৰ খুঁটা পুঁতি থকাৰ সময়তে নামনি মাজুলীৰ চেলেক গাঁৱত আৰু লখিমপুৰ জিলাৰ ধূনাগুৰিত(Majuli Lakhimpur bridge) দুখন দলং নিৰ্মাণৰ প্ৰস্তুতি চলাইছে চৰকাৰে ৷ অহা ১১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নামনি মাজুলীৰ চেলেক ঘাটত ভূমি পূজনেৰে মাজুলী-লখিমপুৰ সংযোগী দুখন পকী দলঙৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰিব ।
অসম মালা আঁচনিৰ (Asom Mala programme)অধীনত প্ৰায় ৭২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব দলং দুখন । প্ৰথমখন দলং মাজুলীৰ চেলেক গাঁৱৰ খেৰকটীয়া নদীৰ ওপৰত আৰু দ্বিতীয়খন দলং লখিমপুৰ-ধূনাগুৰি অংশত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব । দুয়োখন দলঙৰ মাজৰ কানিয়াজানত এটা ৰাষ্ট্ৰীয় পথৰে সংযোগ কৰা হ'ব । উক্ত দলং দুখনৰ বাবে লখিমপুৰৰ বঙালমৰাৰ পৰা মাজুলীৰ বালিচাপৰিলৈকে এটা ৰাষ্ট্ৰীয় ঘাইপথৰে সংযোগ কৰা হ'ব (Lakhimpur to Majuli road)।
ইতিমধ্যে হাৰিয়ানাৰ এছ পি ছিংলা(SP Singla Constructions Private Limited) নামৰ এটা কোম্পানীয়ে উক্ত দলং দুখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে । দলং দুখনৰ সন্দৰ্ভত পৰ্যবেক্ষণৰ বাবে দেওবাৰে মাজুলীত উপস্থিত হয় অসমৰ শিক্ষামন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু ।
মাজুলীত উপস্থিত হৈ ডাঃ পেগুৱে চেলেক-ধূনাগুৰি দলঙৰ নিৰ্মাণস্থলী পৰ্যবেক্ষণ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ মাজুলীৰ আগমনৰ প্ৰাকক্ষণত মাজুলীৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে চেলেক-ধূনাগুৰি দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ বিভিন্ন দিশত আলোচনাত মিলত হয় মাজুলীৰ জিলা প্ৰশাসনৰ লগতে দলং নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠানৰ লগত ।
লগতে পঢ়ক : Local Supari Trading Permit: থলুৱা চুপাৰিৰ সৰবৰাহত অনুমতি কাছাৰ জিলা প্ৰশাসনৰ