মাজুলী,১৬ ডিচেম্বৰ : এখন বিয়াক লৈ মাজুলীত উদুলি-মুদুলি পৰিৱেশ । ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে আহিছে বিয়ালৈ । বিয়াখন সম্পন্ন হোৱাত লগে ভাগে সহায় কৰি দিছে । মহিলাসকলে গাইছে বিয়ানাম । একপ্ৰকাৰ আনন্দমুখৰ পৰিৱেশ মাজুলীৰ বৃহত্তৰ বিৰিণাবাৰী গাঁৱত ।
আচলতে আঘোণ মাহত গাঁওখনৰ কৃষকে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া (Frog marriage in Majuli)। ১৬০ টা কৃষক পৰিয়াল একত্ৰিত হৈ উলহ-মালহেৰে বিয়াখন অনুষ্ঠিত কৰিছে । সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে বিয়াখন সম্পন্ন হৈছে । মাংগলিক বিধি অনুসৰি ভেকুলীৰ লগতে ভেকুলীৰ সখীকো নোৱাই ধুৱাই হোম যজ্ঞৰে বিয়া অনুষ্ঠিত কৰা হৈছে । ঢোলৰ গুমগুমণি, আয়তীৰ বিয়ানাম-উৰুলিৰে একপ্ৰকাৰ মুখৰিত হৈছে অঞ্চলটো (Farmers organized frog marriage)।
আচলতে বাৰিষা দীৰ্ঘদিন ধৰি বৰষুণ নহ'লে কৃষকসকলে এই পৰম্পৰাগত ভেকুলীৰ বিয়া পাতে । জনবিশ্বাস অনুসৰি ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয় আৰু বৰষুণ দিয়ে । কিন্তু বানবিধ্বস্ত মাজুলীৰ কৃষকে আবতৰীয়াকৈ কিয় অনুষ্ঠিত কৰিছে ভেকুলীৰ বিয়া ?
উল্লেখ্য যে মাজুলীৰ কৃষকসকলে বানৰ বাবে ভবা ধৰণে ধানখেতি কৰিব নোৱাৰিলে । যাৰ বাবে বহু কৃষকে শীতকালত উৎপাদিনত ৰবি শস্য যেনে মাটি মাহ,মগু মাহ, ঘেঁহু, বুট, মটৰ, সৰিয়হ, তিল, আলু আদিৰ খেতি কৰিছে । কিন্তু অনাবৃষ্টিৰ ফলত এতিয়া সৰিয়হ, মাহ আদি শস্য নষ্ট হোৱাৰ উপক্ৰম হৈছে । পথাৰবোৰ শুকাই গৈছে । মাহজাতীয় শস্যৰ ফল ধৰা নাই, সৰিয়হ তলীৰ মাটি শুকাই গৈছে । নিৰুপায় কৃষকে সেয়ে ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰিছে । পূৰ্বপুৰুষসকলৰ পৰা শুনি অহা লোকবিশ্বাসেৰে কৃষকসকলে আয়োজন কৰিলে ভেকুলীৰ বিয়া ।
লক্ষণীয়ভাৱে মাজুলীৰ পথাৰত আশাৰ ফচলসমূহ শুকাইছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা জলসিঞ্চন বিভাগৰ কোনো গুৰুত্ব নাই (Irrigation department in Majuli)। যাৰ বাবে অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগ থকাৰ পাছতো একবিংশ শতিকাৰ কৃষকে এনেদৰে ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ।
লগতে পঢ়ক :Padmanath Gohain Baruah Birth Anniversary : তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাক স্মৰণ