ETV Bharat / state

মাজুলীত এজন যুৱকৰ মৃত্যুক লৈ হাহাকাৰ

author img

By

Published : Jun 1, 2021, 5:27 PM IST

মঙলবাৰে মাজুলীৰ পমুৱা গাঁৱত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ আৰক্ষীৰে সৈতে হতাহতি শতাধিক মহিলাৰ ৷

tensed-situation-in-majuli
মাজুলীত এজন যুৱকৰ মৃত্যুক লৈ হাহাকাৰ

মাজুলী, 1 জুন : মাজুলীৰ পমুৱা গাঁৱত মঙলবাৰে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷ আৰক্ষীৰে সৈতে হতাহতিত লিপ্ত হৈছে শতাধিক মহিলাই ।

জানিব পৰা মতে, গাঁওখনৰ জিতুল ঙাটে নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । যুৱকজনক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷

মাজুলীত এজন যুৱকৰ মৃত্যুক লৈ হাহাকাৰ

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সুনিল পাহাদী, গৰিয়া পাহাদী, গতিৰাম ঙাটে নামৰ তিনিজন লোকক আৰু চেনাই পাহাদী নামৰ এগৰাকী মহিলাক আটক কৰিছে । ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : জিএনআৰচিত চিকিৎসা কৰি বাক শক্তি হেৰুওৱাৰ অভিযোগ মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.