ETV Bharat / state

Majuli Moral policing Incident :মাজুলী বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন

author img

By

Published : Jun 14, 2023, 10:32 PM IST

মাজুলীৰ বাঘৰগাঁৱৰ ঘটনাৰ তদন্ত আৰম্ভ ৷ বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন ৷ তদন্তৰ বাবে ভুক্তভোগী নাথৰ বাসগৃহত উপস্থিত আৰক্ষীৰ দল ৷

Suspended SI deepjyoti kakoti
SI দ্বীপজ্যোতি কাকতিক নিলম্বন
SI দ্বীপজ্যোতি কাকতিক নিলম্বন

মাজুলী,14 জুন: নামনি মাজুলীৰ বাঘৰগাঁৱত চোৰৰ সন্দেহত একাংশ লোকৰ আক্ৰমণৰ বলি হৈছিল মাজুলীৰ মেৰুৱাবাৰীৰ দিব্যজোতি নাথ নামৰ এজন যুৱক । মুমূৰ্ষ অৱস্থাত দিব্যজোতি নাথ নামৰ যুৱকজনক উদ্ধাৰ কৰি বালিচাপৰি আৰক্ষী চকীলৈ আনিছিল বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিয়ে । ইয়াৰ পিছত SI দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল দিব্যজোতি নাথৰ পৰিয়ালে । দিব্যজোতি নাথক এৰি দিয়াৰ বাবে তেওঁৰ পিতৃৰ পৰা 2500 টকা SI দ্বীপজ্যোতি কাকতিয়ে লৈছিল বুলি অভিযোগ আনিছিল ।

মাজুলীত আৰক্ষীৰ খাকী পোচাকত ক’লা দাগ লগোৱা SI দ্বীপজ্যোতি কাকতি বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । ইয়াৰ পাছতেই SI দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল ‌। ইফালে বুধবাৰে মাজুলীত উপস্থিত হয় IGP জিৎমল দলে ৷ IGP জিৎমল দলেই জনাই যে SI দ্বীপজ্যোতি কাকতিক নিলম্বন কৰা হৈছে ৷

মাজুলী মেৰুৱাবাৰী গাঁৱৰ দিব্যজ্যোতি নাথক প্ৰহাৰৰ ঘটনাৰ তদন্তৰ বাবে ভুক্তভোগী নাথৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দল ৷ মাজুলী কমলাবাৰী আৰক্ষীৰ থানাৰ আৰক্ষী বিষয়া প্ৰতিম গগৈৰ নেতৃত্বত দিব্যজোতি নাথৰ ঘৰত উপস্থিত হয় তদন্তকাৰী দলটো ৷ উদণ্ড লোকে ভাঙি পেলোৱা দিব্যজোতি নাথৰ মবাইল ফোন আৰু ফালি চিৰাচিৰ কৰা কাপোৰ সংগ্ৰহ কৰে আৰক্ষীৰ দলটোৱে ।

আনহাতে যিকোনো মূহুৰ্ততে আটক হ’ব পাৰে মাৰপিটৰ লগত জড়িত বাঘৰগাঁৱৰ একাংশ লোক । আঘাত প্ৰাপ্ত দিব্যজ্যোতি নাথক চিকিৎসা ব্যৱস্থা কৰিছিলে নে নাই আৰু পৰিয়ালে উত্থাপন কৰা অভিযোগৰ সত্যতা আছে নে নাই তাৰ বিচাৰ কৰে আৰক্ষীৰ দলটোৱে ৷ ভুক্তভোগী দিব্যজ্যোতিৰ পিতৃৰ দাবী- ‘‘VDP আৰু গাঁও বুঢ়া জনকো তদন্তৰ আওতালৈ আনিব লাগে ৷ কাৰণ তেওঁলোকেহে গম পাব প্ৰকৃত ঘটনা ৷’’

দিব্যজ্যোতি নাথৰ পত্নীৰ অভিযোগ- SI দ্বীপজ্যোতি কাকতিৰ ভুমিকা সন্দেহ জনক ৷ মাজুলীৰ দৰে এক স্থানত মানবীয়তা হেৰাই গৈছে ৷ গাঁৱৰক্ষী বাহিনীয়ে মাৰ পিট কৰিবলৈ ক’ত অধিকাৰ পালে ! গাঁওৰক্ষী বাহিনীয়ে জানিব কোন কোন জড়িত আছে ৷

লগতে পঢ়ক:Crude oil thief arrested: আৰক্ষীৰ জালত তেলচুৰিৰ লগত জড়িত আন এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.