ETV Bharat / state

Students Busy in Paddy Field: হাতত কাঁচি লৈ ধান দোৱাত ব্যস্ত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী

author img

By

Published : Dec 7, 2022, 8:07 PM IST

পথাৰত নৰাৰ পেপা বজোৱাৰ লগতে ৰবাব টেঙাৰ জুতি ল'লে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ৷ তাহানিৰ সেই পৰম্পৰাক ছাত্ৰ-ছাত্ৰীৰ লগত চিনাকি কৰি দিয়াৰ বাবেই এই পদক্ষেপ বনগাঁও শংকৰদেৱ শিশু নিকেতন কৰ্তৃপক্ষৰ(Students busy in paddy field in Majuli) ৷

Students Busy in Paddy Field
হাতত কাঁচি লৈ ধানদোৱাত ব্যস্ত শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী

মাজুলী, 7 ডিচেম্বৰ: মাজুলীৰ সোণালী ধাননি পথাৰত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী । পকা ধানৰ মাজেৰে সৰু সৰু আলিয়েদি ছাত্র-ছাত্ৰীৰ লগত শিক্ষক-শিক্ষয়ত্ৰীসকল । বিদ্যালয়ৰ পাঠদান এৰি ছাত্ৰ-ছাত্ৰী ব্যস্ত ধান দোৱাত । হাতত কাঁচি লৈ মুদৈগাঁও, ধুৱাচলা পথাৰত দাৱনীৰ লগত এফালৰ পৰা ধান দাই গৈছে ছাত্ৰ-ছাত্ৰীসকলে । একাংশ আকৌ ব্যস্ত লেচেৰী বুটলাত ।

শিক্ষক-শিক্ষয়ত্ৰীয়ে শিকাই গৈছে ধান দোৱা আৰু লেচেৰী বুটলাত । মাজুলী বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীক জাতীয় সংস্কৃতিৰে পৰিচয় কৰি দিয়াৰ প্ৰয়াস । সোণগুটিৰ পথাৰত বিভিন্ন প্ৰজাতিৰ ধান আৰু লেচেৰি বুটলা পৰম্পৰাৰে কণ-কণ ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰি দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ।

বিশ্বায়নৰ যুগত সকলো পৰম্পৰা তথা সুন্দৰ মুহুৰ্তসমূহ হেৰাই যাব ধৰিছে । কিন্তু ক্ৰমাৎ হেৰাই যোৱা তাহানিৰ সেই পৰম্পৰা চিনাকি কৰি দিয়াৰ লগতে পথাৰ, দাৱনী, কাঁচি, সোণালী ধাননিত ৰবাব টেঙা খোৱাৰ জুতি, বিৰিয়া এইসমূহৰ লগত ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিছে শিশু নিকেতনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ।

চহা গ্ৰাম্য জীৱনৰ ক্ষেত্ৰখনৰ লগত ছাত্ৰ-ছাত্ৰীসকল পৰিচিত হোৱাৰ লগতে ব্যৱহাৰিক শিক্ষা প্ৰদানতো গুৰুত্ব আৰোপ কৰিছে বনগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কৰ্তৃপক্ষই । নৱপ্ৰজন্ম এইখন ক্ষেত্ৰৰ বহু নিলগত অৱস্থান কৰাৰ বিপৰীতে এইসকলক সংপৃক্ত কৰাৰ ব্যতিক্ৰমী তথা আদৰণীয় পদক্ষেপ নিকেতনৰ । এনেদৰে পৰীক্ষা শেষ হোৱাৰ পাছত আঘোণৰ পথাৰত কণ-কণ শিশুসকল পৰিচিত হৈছে সোণালী ধাননি দৰাৰ লগতে কৃষি আনুষংগিক সঁজুলিৰ লগত ।

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱত খেতিয়কে কেঁচাই কাটিবলগীয়া হৈছে ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.