ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ বতাহ - শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক তিৰোভাৱ তিথি

দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ । পূৱাৰে পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ, খোল, তাল আৰু বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ পৰিছে মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰসমূহ (574th Death anniversary of Srimanta Sankardev)।

Srimanta Sankardev Birth anniversary celebration in Majuli
শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ বতাহ
author img

By

Published : Aug 29, 2022, 1:42 PM IST

Updated : Aug 29, 2022, 1:47 PM IST

মাজুলী, 29 আগষ্ট: আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি (Death anniversary of Srimanta Sankardev)। হৰি নাম ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সমূহ সত্ৰ আৰু নামঘৰ ৷ পুৱাৰে পৰা ৰাজ্যজুৰি বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় সত্ৰভূমি মাজুলীও ৷

দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্য্যবসিত হৈছে সত্ৰভূমি মাজুলী । গুৰু বন্দনাৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ । পূৱাৰে পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ, খোল, তাল আৰু বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ পৰিছে মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰসমূহ (Srimanta Shankardev)।

শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰু বন্দনাৰে মুখৰিত মাজুলীৰ আকাশ বতাহ

মাজুলীৰ ভোগপুৰ ,উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ জনাৰ কীৰ্তন হিচাপে উদযাপন কৰিছে । প্ৰথম দিনা চাউল ভোজনী থাপনি, আজি মূলতিথি, ইয়াৰ পাছত কাইলৈ হ’ব ভাঙনী । আজি পুৱাৰ পৰা পুৱাগীত, নামঘোষা, কীৰ্তন ঘোষা, আদিৰ পাছত গায়ন বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত হ’ব বুলি জানিব পৰা গৈছে ।

মাজুলীৰ 33 খন সত্ৰৰ চাৰি শতাধিক নামঘৰত আজি উদযাপন কৰিছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি (Mahapurusha Srimanta Shankardeva) ৷ ঐতিহাসিক কমলাবাৰী সত্ৰত শংকৰ গুৰুজনাৰ তিথি প্ৰতি বছৰে বিস্তৃত তথা আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰি আহিছে ।

চাৰিদিনীয়া কাৰ্যসূচী ক্ৰমে চাউল ভোজনী, থাপনি, মূল কীৰ্তন আৰু ভাঙনী । কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন অবিছিন্ন ৰীতিৰে পৰিৱেশন কৰি তোলাৰ এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা ।

লগতে পঢ়ক: হৰি নামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান

Last Updated : Aug 29, 2022, 1:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.