ETV Bharat / state

ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী - SREE KRISHNA RASH LELA OF VARIOUS PLACE'S IN ASSAM, MAJULI,THE BIG RIVER ISLAND OF THE WORLD

ৰাজ্যত আৰম্ভ হ'ল ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে এতিয়া পাৰভঙা উছাহ দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীৰ মাজত ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাকজমকতাৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷

ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী
author img

By

Published : Nov 12, 2019, 5:18 PM IST

নিউজ ডেস্ক,12 নৱেম্বৰঃ শৰতৰ স্নিগ্ধ জোনাকত ৰাস মঞ্চস্থ হৈছে মাজুলীৰ ১২ খন সত্ৰ আৰু ৫৮ খন মঞ্চত ৷ সত্ৰীয়া কলা সংস্কৃতিৰ মনোগ্ৰাহী উপস্থাপনত আপ্লুত হৈ পৰিছে সকলো। আধ্যাত্মিকতাৰ মায়াসনা পৰিৱেশত ৰাস লীলাত বিলীন হৈ গ'ল ৰাজ্য তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক। পুৱতি নিশালৈকে ৰাস লীলা উপভোগ কৰিলে অজস্ৰ দৰ্শকে। আনহাতে দেশী-বিদেশী পৰ্যটকৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাস উপভোগ কৰিলে উত্তৰ কমলাবাৰী সত্ৰত। নগাঁৱতো আড়ম্বৰতাৰ মাজত আধ্যাত্মিকভাৱে পালন হৈছে ৰাস মহোৎসৱ ৷

ras over all
বসুদেৱ দৈৱকীৰ এটি দৃশ্য

ৰাসৰ প্ৰথম দিনটোত কৰচুংসত্ৰ,আই কনকলতা সত্ৰ,আইলক্ষ্মী থান,ন-সত্ৰ আৰু ভোমোৰাগুৰি আদি অঞ্চলত উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷ শ্ৰী কৃষ্ণ আৰু গোপীৰ সুন্দৰ নৃত্য ভংগিমাই আপ্লুত কৰে হাজাৰ হাজাৰ দৰ্শকক ।

ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী

ইফালে 30 বছৰৰ অন্তত কলিয়াবৰত হাটবৰ হাজাৰে আয়োজন কৰা শ্ৰীকৃষ্ণৰ "কেলি-গোপাল" অঙ্কীয়া নাটত পুৰুষে অভিনয় কৰে গোপীৰ ভাৱত। সমান্তৰালভাৱে শিৱসাগৰতো ৰাস উপলক্ষে ঐতিহাসিক হাফলুটিং বৰনামঘৰত ভিৰ কৰিছেহি অগণন ভক্তই ৷ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে অসংখ্যজনে বৰনামঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে নেদেখাজনৰ ওচৰত ৷ কেৱল অসমৰ উজনি নামনিতেই নহয় বৰাক উপত্যকাতো ৰাস উৎসৱক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশৰ ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ ৰাইজে পালন কৰিছে 82 সংখ্যক ৰাস মহোৎসৱ। ইতিমধ্যে ৰাস চাবৰ বাবে মণিপুৰ আৰু মিজোৰামৰ লগতে চুবুৰীয়া দেশ বাংলাদেশৰ পৰা যথেষ্ট লোক আহি উপস্থিত হৈছে কৰিমগঞ্জ জিলাত ৷

ras over all
ৰাসৰ দৃশ্য
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিশুকেন্দ্ৰিক অসমীয়া ছবি 'তৰা'ৰ বিষয়ে

Intro:কৃষ্ণ প্ৰেমত মত্ত হ'ল সমগ্ৰ মাজুলীবাসী।

শৰতৰ স্নিগ্ধ জোনাকত মাজুলীৰ ১২ খন সত্ৰ আৰু ৫৮ খন মঞ্চৰ ৰাসত উবুৰি খাই পৰিল বিশ্ব বাসী। সত্ৰীয়া কলা সংস্কৃতিৰ মনোগ্ৰাহী উপস্থাপনত আপ্লুত হৈ পৰিল সকলো। কৃষ্ণৰ মোহন বাঁহীৰ অমিয়া সুৰত যমুনাৰ তীৰৰ পৰা ধপলীয়াই আহিল ১৬০০ গোপী। উত্তৰ কমলাবাৰী সত্ৰত যমুনাৰ জলধাৰাত ৰাধা কৃষ্ণৰ নৌকা বিহাৰে মন্ত্ৰ মুগ্ধ কৰিলে উপস্থিত দৰ্শক। বৈষ্ণব আধ্যাত্মিকতাৰ লগত থলুৱা মাটিৰ গোন্ধত মঞ্চস্থ হোৱা কেলি গোপাল নাটৰ তালে তালে নৃত্যৰত ৰাধা, কৃষ্ণ, গোপীয়ে উত্তৰ কমলাবাৰী সত্ৰক যেন উত্তৰণ ঘটালে আন এক বৃন্দাবনলৈ। আধ্যাত্মিকতাৰ মায়াসনা আৱেসত ৰাস লীলাত বিলীন হৈ গ'ল ৰাজ্য তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক। পুৱতি নিশালৈকে ৰাস লীলা পান কৰিলে অজস্র দৰ্শকে। আনহাতে দেশী বিদেশী পৰ্যাতকৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাস উপভোগ কৰিলে উত্তৰ কমলাবাৰী সত্ৰত।Body:মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.