মাজুলী, 27 মে': মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ ৷ দুৰ্গম পথেৰে ঠেলাত উঠাই লৈ যোৱা হ'ল ৰোগীক ৷ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত বিভিন্ন দিশত হোৱা গাফিলতিৰ ফল ভুগি আহিছে পাথৰিচুকবাসীয়ে ৷ ৬০ৰ উৰ্ধৰ ধনেশ্বৰ পায়েং নামৰ ৰোগীজনক পাথৰিচুকৰ পৰা ৫ কিঃমি দুৰত্বৰ জৰাজীৰ্ণ পথ ঠেলাত তুলি গড়মূৰ সামৰিক চিকিৎসালয়লৈ কঢ়িয়াই আনিলে পৰিয়ালৰ লোকে ৷
বহু যন্ত্ৰণাৰ অন্তত সোৱণশিৰীৰ পাথৰিচুক ঘাটৰ ওপৰত এখন দলং ৰাইজে লাভ কৰিছিল যদিও ৯ টা মাহ উকলি যোৱাৰ পিচতো অৰ্ধ নিৰ্মিত হৈয়ে থাকি ৰ'ল দলংখন । তৰুণ দত্ত নামৰ ঠিকাদাৰ জনৰ গাফিলটিৰ ফলতেই নৈ পৰীয়া অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভোগাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷