ETV Bharat / state

‘কা’ৰ বিৰোধিতা কৰা বিদ্যাসাগৰৰ এইবাৰ ওলোটা খৰ !

মাজুলীত উপস্থিত হৈ ‘কা’ক সমৰ্থন কণ্ঠশিল্পী বিদ্যাসাগৰৰ ৷ প্ৰাণৰ ভাবুকি দি তেওঁক ‘কা’ আন্দোলনলৈ লৈ যোৱা বুলি বিস্ফোৰক মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷

author img

By

Published : Jan 8, 2021, 10:36 AM IST

Updated : Jan 8, 2021, 11:01 AM IST

bidyasagar comment
বিদ্যাসাগৰৰ মন্তব্য

মাজুলী,8 জানুৱাৰী : বৃহস্পতিবাৰে সত্ৰনগৰী মাজুলীত উপস্থিত হৈ ‘কা’ক লৈ বিস্ফোৰক মন্তব্য কৰে কণ্ঠশিল্পী বিদ্যাসাগৰে ৷ সদৌ অসম মাশ্বৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱসত ভাগ লৈ সংগীত পৰিৱেশন কৰাৰ মাজতে এই মন্তব্য কৰে বিদ্যাসাগৰে ৷

ভক্তিমূলক গীতেৰে আৰম্ভ কৰা এই সংগীতানুষ্ঠানত বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰাৰ মাজতে বিধানসভা নিৰ্বাচনৰো প্ৰচাৰ চলালে কণ্ঠশিল্পী গৰাকীয়ে ৷ বিজেপি দলক সমৰ্থন জনাই 2021ত অসমত পুনৰ পদুম ফুল ফুলিব বুলি কৈ নিজৰ স্থিতি স্পষ্ট কৰে বিদ্যাসাগৰে ৷

বিদ্যাসাগৰৰ মন্তব্য

লগতে তেওঁ কয় যে, ২০০৯ চনৰ পৰাই তেওঁ সংগীতৰ সাধনাৰ বাবে বিজেপি দলৰ পৰা বিচ্ছিন্ন হৈ আছিল । তেওঁ কেতিয়াও কংগ্ৰেছৰ সৈতে থকা নাছিল । প্ৰাণৰ ভাবুকি দি ‘কা’ আন্দোলনলৈ লৈ যোৱা হৈছিল তেওঁক । লগতে ক’লে, জুবিন গাৰ্গে শিল্পী সাহিত্যিকক ‘কা’ আন্দোলন কৰিবলৈ আহ্বান জনোৱাতো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত । ৰাজনৈতিক সমীকৰণেৰে ‘কা’ আন্দোলন কৰি মুনাফা লৈছে জুবিনে ।

শেহতীয়াকৈ বিজেপি দলত যোগদান কৰা বিদ্যাসাগৰে প্ৰগতি য’ত বিজেপি তাত বুলি কৈ দুৰ্নীতিত বিজেপিৰ হাত নথকাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক : দৰঙত আলোচনাপন্থী আলফা নেতাসহ 7 জনক আটক

Last Updated : Jan 8, 2021, 11:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.