মাজুলী, 6 অক্টোবৰ: মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ, গোঁসাই, মহন্ত সকলক লৈ কৰা মন্তব্যৰ পাছতেই মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰমাকান্ত দেউৰীৰ মন্তব্যৰ পিছতে বিজেপি বিধায়ক ৰমাকান্ত দেউৰী বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ সকল । বিজেপি বিধায়ক ৰমাকান্ত দেউৰীক মানসিক বিকাৰগ্ৰস্ত লোক বুলিও আখ্যা দিছে সত্ৰাধিকাৰ সকলে । বিধায়কগৰাকীয়ে যদি ৰাজহুৱাকৈ ক্ষমা নোখোজে তেন্তে তেখেতৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সত্ৰাধিকাৰ সকলে ৷
ইতিমধ্যে বিশ্ব হিন্দু মহাসংঘ, অসম আৰু দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ গোস্বামীয়ে মাজুলীৰ আৰক্ষী থানাত বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 52/2020 নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷
লগতে পঢ়ক: ব্ৰাহ্মণ সম্প্ৰদায়ক কিয় ক্ষমা খুজিব লাগে বিধায়ক ৰমাকান্ত দেউৰীয়ে !