মাজুলী,5 আগষ্ট: লাভলীনাৰ সফলতাত গৌৰাৱান্বিত এতিয়া প্ৰতিজন অসমীয়া ৷ ইতিহাসৰ পাতত সোণালী আখৰেৰে নিজৰ নাম খুদিত কৰিবলৈ সক্ষম হ’ল অসম কন্যা লাভলীনাই ৷ টকিঅ’ অলিম্পিক(tokyo olympics)ত পোন প্ৰথমবাৰৰ বাবে অসমীয়া বক্সাৰ হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল বক্সাৰ লাভলীনা বৰগোঁহায়ে(Lovlina Borgohain) ৷
মাত্ৰ 23 বছৰ বয়সতে লাভলীনাই বিশ্ব ক্ৰীড়াৰ মহাৰণ টকিঅ’ অলিম্পিক(tokyo olympics)ত আঁজুৰি আনিবলৈ সক্ষম হ’ল ব্ৰঞ্জৰ পদক (bronze medal) । টকিঅ’ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী অসমৰ খেলুৱৈ হিচাপে কৃতিত্ব অৰ্জন কৰা অসম জীয়ৰী লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাইছে মাজুলীৰ দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰ জনাদন দেৱ গোস্বামীয়ে ।
খেলৰ জৰিয়তে অসমৰ নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হ’ল অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে ।
লাভলীনাৰ উজ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছে সত্ৰাধিকাৰ জনাদন দেৱ গোস্বামীয়ে । উল্লেখ্য যে, বুধবাৰে পুৱা অনুষ্ঠিত টকিঅ' অলিম্পিকৰ বক্সিং খেলখনত তুৰ্কী খেলুৱৈ বুচেনাজ চুৰমেনলীৰ হাতত 5-0 ত পৰাজয় স্বীকাৰ কৰিব লগা হ'ল যদিও ভাৰতলৈ ব্ৰঞ্জৰ পদক আনি লাভলীনাই নতুন ইতিহাসৰ ৰচনা কৰিলে ।
লগতে পঢ়ক: লাভলীনাৰ সন্দৰ্ভত কি ক'লে প্ৰশিক্ষক পদুম বড়োৱে ?
পুৱাৰে পৰা গৃহভূমি বৰপথাৰত এক উৎসৱ মুখৰ পৰিৱেশত শ শ অনুৰাগীয়ে লাভলীনাৰ খেল চাবলৈ অপেক্ষাৰে ৰৈ আছিল । ঢোল-তাল বজাই, বিহু নাচি লাভলীনাৰ সফল কামনা কৰা পৰিলক্ষিত হৈছিল । বুধবাৰে লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভেৰে ভাৰতৰ পদক তালিকাত আৰু এটি পদকৰ সংখ্যা বৃদ্ধি হ’ল ৷
গাঁৱৰ বোকা-পানী গচকি কোনো ধৰণৰ ক্ৰীড়াৰ আন্তগাঁথনি নথকা এডোখৰ ঠাইৰ পৰা বিশ্ব অলিম্পিকত ব্ৰঞ্জৰ পদক লাভে বুজাই দিলে মূলাগাভৰু-কনকলতা দেশৰ নাৰীৰ শক্তি কিমান ৷ বুছেনাজ চুৰমেনেলীয়ে 5-0ৰ ব্যৱধানত পৰাস্ত কৰিলে লাভলীনাক ৷ বিচাৰকসকলে তুৰ্কী বক্সাৰগৰাকীক 10 পইণ্ট দিয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত লাভলীনা চুৰমেনেলীৰ হাতত পৰাজিত হয় ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী বক্সাৰে কেতিয়াও ইজনে সিজনৰ মুখামুখি হোৱা নাছিল ৷ বুধবাৰে অনুষ্ঠিত খেলখনতেই দুয়োগৰাকী বক্সাৰ প্ৰথমবাৰৰ বাবে মুখামুখি হয় ৷
লগতে পঢ়ক: ছেমি ফাইনেলত স্তব্ধ লাভলীনা : কি কয় পিতৃয়ে ?