মাজুলী, 19 জানুৱাৰীঃ শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আইৰ মৃত্যু তিথি উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিছে মাজুলীৰ আজলী আইৰ থান ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে মাজুলীৰ আকাশ বতাহ ৷ ভক্তসকলে ভাগৱত পাঠ কৰাৰ লগতে পৰিৱেশন কৰে থিয়নাম ,গায়ন বায়ন আদি ৷ আজলী আয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল মাজুলীত । উক্ত দিনটোক সোঁৱৰি মায়ামৰা সম্প্ৰদায় লোকসকলে বাৰ্ষিক কীৰ্ত্তন আয়োজন কৰে । অসমৰ ১৩ খন জিলাৰ ৫০ হাজাৰৰো অধিক মোৱাৰীয়া ভক্তৰ লগতে হাজাৰ হাজাৰ মাজুলীৰ ভক্তই অংশগ্ৰহন কৰে এই অনুষ্ঠানত।
উজনি নামনিৰ বহু ভক্তই মাজুলী মেখেলী অঞ্চলত আজলী আই থানত নিজৰ পৰিয়ালৰ তথা দহৰ মংগলৰ বাবে ঘিউ, বন্তি, ধূপ দ্বীপৰে সেৱা আগবঢ়াই । শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আই অনিৰুদ্ধ দেৱৰ মাতৃ । অনিৰুদ্বদেৱ মোৱামৰীয়া সকলৰ আদিগুৰু । জানিব পৰা মতে, মানৰ আক্ৰমণৰ সময়ত আজলী আই মাজুলীত গোপনে বাহৰ পাতি আছিল । পাছত এই স্থানতে শেষ নিশ্বাস ত্যাগ কৰে অনিৰুদ্ধ দেৱৰ মাতৃয়ে ।