ETV Bharat / state

যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে হাৰাশাস্তি ভুগিছে দক্ষিণপাট কলিতা গাঁওবাসীয়ে

author img

By

Published : Apr 23, 2022, 4:20 PM IST

যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat Majuli Bridge) নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে দক্ষিণপাট কলিতা গাঁৱৰ পথেৰে দলং নিৰ্মাণৰ বাবে দৰকাৰী সামগ্ৰী কঢ়িওৱা বাহন সঘনে আহ-যাহ কৰে ৷ যাৰ ফলত এই পথৰ মাজত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁতৰ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক এই পথচোৱা মেৰামতিৰ দাবী তুলি মাজুলী দক্ষিণপাট কলিতা গাঁৱত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে অঞ্চলটোৰ ৰাইজে (Road Blocked in Majuli) ৷

Protest in Majuli
যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে হাৰাশাস্তি ভুগিছে দক্ষিণপাট কলিতা গাঁওবাসীয়ে

মাজুলী, 23 এপ্ৰিল : এফালে নিৰ্মাণ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) আৰু আনফালে এই দলঙৰ নামত ক্ষতি হৈছে দক্ষিণপাট কলিতা গাঁৱৰ পথচোৱাৰ ৷ যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷ সেয়ে উপায়ন্তৰ হৈ শুকুৰবাৰে গাঁওবাসী ৰূপায়ন কৰে পথ অৱৰোধ কাৰ্যসূচীৰ (Road Blocked in Majuli) ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য চলি থকাৰ বাবে দক্ষিণপাট কলিতা গাঁৱৰ পথেৰে দলং নিৰ্মাণৰ বাবে দৰকাৰী সামগ্ৰী কঢ়িওৱা বাহন সঘনে আহ-যাহ কৰে ৷ যাৰ ফলতেই যথেষ্ট পৰিমাণে ক্ষতি হৈছে এই বিশেষ পথটি ৷ আনকি পথৰ মাজত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত ৷

দক্ষিণপাট কলিতা গাঁৱৰ মূল পথচোৱাত সৃষ্টি হোৱা ডাঙৰ গাঁতবোৰৰ বাবেই এতিয়া যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখিন হ’ব লগাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ আনকি এই পথৰে ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ অহা পৰ্যটক সকলৰ লগতে স্কুললৈ অহা-যোৱা কৰাটো শিক্ষাৰ্থীসকলেও যমৰ যাতনাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷

যাৰ বাবে গধুৰ যান বাহন সেই পথচোৱাৰে আহ-যাহ কৰাত বাধা প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে (Protest in Majuli) ৷ আনকি ৰাইজৰ অভিযোগ, পথৰ বহন ক্ষমতাতকৈ অধিক ওজনৰ গাড়ী চলাচল কৰাত পথত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ । দলং নিৰ্মাণ কৰি থকা কোম্পানীয়েও এই ক্ষেত্ৰত লোৱা নাই পথ নিৰ্মাণৰ কোনো ব্যৱস্থা । যাৰ কাৰণে পথ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰে গাঁওবাসীয়ে ।

উপায়ন্তৰ হৈ দলং নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই অনা গাড়ী অহাত বাধা দিয়াত অঞ্চলটোত উপস্থিত হয় দলং নিৰ্মাণকাৰী সংস্থাৰ বিষয়-ববীয়া । তাৰ পাচত এই সংস্থাৰ কৰ্মচাৰী আৰু ৰাইজৰ মাজত সৃষ্টি হয় বাক যুদ্ধৰ ৷ পৰৱৰ্তী সময়ত দলং নিৰ্মাণকাৰী সংস্থাৰ বিষয়-ববীয়াই শীঘ্ৰে পথচোৱা মেৰামতি কৰি দিয়াৰ আশ্বস প্ৰদান কৰে গাঁওবাসীক ৷

লগতে পঢ়ক : পহিলা ব’হাগৰ ধুমুহাই বঙাইগাঁৱত তচনচ কৰিলে খেতিয়কৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.