মাজুলী, 19 অক্টোবৰঃ মাজুলীৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিস্ফোৰক মন্তব্য ৷ " মাজুলীৰ একাংশ উচ্চ পদস্থ বিষয়া বিজেপিৰ এজেন্ট,বিজেপি দলৰ হৈ কাম কৰে উচ্চ পদস্থ বিষয়াই। কংগ্ৰেছ দলৰ কৰ্মীক বিজেপিলৈ নিবলৈ ভয় ভাবুকি দিয়ে চৰকাৰী বিষয়াই ৷ শনিবাৰে বিয়লি মাজুলীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷ মুখ্যমন্ত্ৰীয়ে মাজুলীবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পাহৰি গ'ল বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰীজনে ৷
লগতে পঢ়কঃ শিৱসাগৰত আধাৰ কেন্দ্ৰৰ নামত প্ৰৱঞ্চকে লুটিলে 40 লক্ষাধিক টকা