ETV Bharat / state

Janardan Dev Goswami Controversy: সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন - মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ

বিতৰ্কিত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভিন্নজন ৷ শেহতীয়াকৈ শংকৰদেৱৰ সম্পৰ্কতো সত্ৰাধিকাৰগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে ভিন্নজনে (Satradhikar Janardan Deva Goswami)৷

Janardan Dev Goswami Controversy
সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন
author img

By

Published : Oct 18, 2022, 9:25 PM IST

মাজুলী, 20 অক্টোবৰ : ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ(Dakhinpat Satra Majuli) সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে । প্ৰথমে মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে বুলি দক্ষিণপাট গৃহশ্ৰমি সত্ৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan Deva Goswami) মন্তব্য কৰাৰ পাছত সমগ্ৰ ৰাজ্যিজুৰি সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷

এই বিতৰ্ক অব্যাহত থাকোতেই পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰিলে সত্ৰাধিকাৰগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ(Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য কৰিলে জনাৰ্দন দেৱ গোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ মতে শংকৰদেৱ গুৰু নহয় ৷ শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ । ইয়াতকৈও এখোপ ওপৰলৈ গৈ মহাপুৰুষসকল ধৰ্ম নিৰপেক্ষ নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰিলে জনাৰ্দন দেৱ গোস্বামীয়ে ।

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্নজন

শ্ৰীমন্ত শংকৰদেৱক ধর্ম নিৰপেক্ষ নাছিল বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ পাছতেই অধিক জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্নজন । সত্ৰাধিকাৰগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি বিতৰ্কত থাকি ভালপায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ স্থানীয় লোকে । জনাৰ্দন দেৱগোস্বামীয়ে জানি বুজি এনেকুৱা মন্তব্য আগবঢ়াই সদায় চৰ্চাত থাকিবলৈ বিচাৰে বুলি কয় মাজুলীৰ স্থানীয় লোক দীপক গোস্বামীয়ে ।

আনহাতে, ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মুনিন্দ ভুঞাই কয় যে শংকৰদেৱৰ বিৰুদ্ধে সত্ৰাধিকাৰগৰাকীয়ে যি মন্তব্য আগবঢ়াইছে সেয়া অতি দুভাগ্যজনক । তেওঁ কয় যে, কিছুমান ব্যক্তিয়ে নিজকে জাহিৰ কৰিবলৈ অথবা বাতৰিত ওলাবৰ বাবে এনেকুৱা সস্তীয়া মন্তব্য আগবঢ়ায় । যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে লগতে তেওঁ কয় যে, কোনোবা এজন লোকে মন্তব্য এটা দিলেই সেইটো মন্তব্য মাজুলীবাসীৰ মন্তব্য নহয় ।

ইফালে জনাদন দেৱ গোস্বামী সত্ৰাধিকাৰ নহয় বুলি মন্তব্য মুনিন্দ ভুঞাৰ । আহি থকা দিনত এনেকুৱা মন্তব্য আগ নবঢ়াবলৈ সত্ৰাধিকাৰগৰাকীক সকিয়নী দিয়ে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক: Janardan Dev Goswami: জগত গুৰুক গুৰু হিচাবে নামানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.