মাজুলী, 27 এপ্ৰিল : লখিমপুৰ জিলাৰ এগৰাকী ব্যক্তিয়ে সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰসকলক লৈ কৰা বিৰূপ মন্তব্যৰ পাচতেই জাঙুৰ খাই উঠিছে মাজুলীৰ সত্ৰাধিকাৰ তথা দল-সংগঠন (Adverse comments about Satradhikar on social media) । তথ্য অনুসৰি, মাজুলী থানাত 20/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইন মতে 294/500 IPC R/W 67 আইটি এক্ট অনুসৰি ৰুজু কৰা হৈছে এক গোচৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি, নয়নজ্যোতি বৰুৱা নামৰ এজন যুৱকে ফেচবুক পোষ্টটোত ড৹ পীতাম্বৰ দেৱ গোস্বামীক গুৰু আসনৰ সম্মুখত বহুৱাই বনোৱা ফটো ব্যৱহাৰ কৰি জন মানসত সত্ৰাধিকাৰগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছিল । লগতে দক্ষিণপাট সত্ৰাধিকাৰগৰাকীক কটু মন্তব্য কৰিছে নয়নজ্যোতি বৰুৱা নামৰ যুৱকজনে । যাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি ৰাইজৰ ৰোষত পৰিছে এতিয়া নয়নজ্যোতি বৰা নামৰ যুৱকজন ৷ যুৱকজনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ, দল-সংগঠনৰ লগতে বৈষ্ণৱ সমাজ । সেয়ে বুধবাৰে মাজুলী আউনীআটী সত্ৰত আয়োজন কৰা হয় এক প্ৰতিবাদী সভা (Protest meeting at Auniati Satra) ৷ এই সভাৰ জৰিয়তে যুৱক জনক গ্ৰেপ্তাৰ দাবী তোলাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ দাবী জনাই বৈষ্ণৱ সমাজে ৷
লগতে পঢ়ক : সামাজিক মাধ্যমত সত্ৰধিকাৰকলৈ বিৰূপ মন্তব্য