মাজুলী, ২৮ এপ্ৰিলঃ মাজুলী আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই বিদ্যালয়ৰ বৈষ্ণৱ ছাত্ৰৰ চুলি কটা ঘটনাক লৈ সমগ্ৰ মাজুলীতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ছাত্ৰ কেইজনৰ লগতে অভিভাৱক সকলে মাজুলী জিলা উপায়ুক্তক আবেদন দিয়াৰ লগতে ঘটনা সন্দৰ্ভত মাজুলী কমলাবাৰী থানাত এক এজাহাৰো দাখিল কৰে ।
আৰু পঢ়কঃ হিন্দু শৰণাৰ্থীৰ আশা পূৰণ কৰিবলৈ CAB গৃহীত কৰাৰ প্ৰয়াস বিজেপি চৰকাৰৰঃ শুক্লবৈদ্য
দেওবাৰে মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই মাজুলী গড়মূৰত এন এল কে ৰোড অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদেৰে শিক্ষক গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায় । ইফালে প্ৰশান্ত দোলাকাষৰীয়াক গ্ৰেপ্তাৰ নকৰিলে সোমবাৰৰ পৰা ক'লা দিৱস পালন কৰিব বুলিও উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে । ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে জিলা শিক্ষা বিষয়াৰ যোগেদি ঘটনা সন্দৰ্ভত এক তদন্তৰ ঘোষণা কৰিছে ।