মাজুলী, 24 মাৰ্চ: সোৱণশিৰি নৈৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে শেহতীয়াকৈ লখিমপুৰ জিলা জলসম্পদ বিভাগে আৰম্ভ কৰিছে অত্যাধুনিক জিঅ'বেগ সুৰক্ষা মূলক আঁচনিৰ লগতে চেনেল কাটিংৰ প্ৰকল্প(Locals protest against channel cutting project) । কিন্তু এই চেনেল কাটিং প্ৰকল্পতো সহজে মানি ল’ব বিচৰা নাই নৈপৰীয়া লোকসকলে ৷ সেয়েহে চেনেল কাটিং প্ৰকল্পৰ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে প্ৰকল্পথলীত প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় লোকসকল (Locals protest in Majuli)৷ মিচিং জাতীয় সংগঠন টি.এম.পিকে, এম.এম.কে ৰাদং অৱনৰি আঞ্চলিক সমিতিৰ লগতে অঞ্চলটোৰ গাঁৱৰ পুৰুষ মহিলা, যুৱক-যুৱতী, আবাল-বৃদ্ধ বণিতা আদি হাজাৰ হাজাৰ লোকে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে লখিমপুৰৰ বিধায়ক মানৱ ডেকা মুৰ্দাবাদ, প্ৰদান বৰুৱা হায় হায়, লখিমপুৰ জিলা উপায়ুক্ত হায় হায়, জলসম্পদ বিভাগ হায় হায়, আমাৰ সুৰক্ষা নিশ্চিত কৰক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, আমাক ধ্বংস কৰিব পৰা বিধ্বংসী প্ৰকল্প নালাগে, চেনেল কাটিং বন্ধ কৰক, খেতি মাটি ধ্বংস যজ্ঞ বন্ধ কৰক, চেনেল কাটিং কৰাৰ সমান্তৰালভাৱে ন-আলি,ঘাগৰমুখ বালি সুৰক্ষামূলক কাম আৰম্ভ কৰক, বুলড’জাৰ উভতাই লৈ যাওক, ইনক্লাৱ জিন্দাবাদ, জলসম্পদ বিভাগ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে (Locals protest against Jiobag safety schemes)।
জলসম্পদ বিভাগে সোৱণশিৰি নৈৰ উত্তৰ অংশৰ খহনীয়া প্ৰতিৰোধৰ দিশ চিন্তা কৰিছে যদিও ন-আলি ঘাগৰমুখ বালি গাঁৱকে ধৰি মৰলীয়া, চানং,মৰ্টন চাপৰি আদি বিভিন্ন গাঁৱলৈ আহিব পৰা ভয়ংকৰ অশনি সংকটৰ কথা এবাৰলৈও ভৱা নাই বুলি অভিহিত কৰে প্ৰতিবাদকাৰীয়ে। এই চেনেল কাটিং প্ৰকল্পই অঞ্চলবাসীৰ টোপনি হৰিছে(channel cutting projects in Majuli)। বিশেষকৈ ন-আলি,ঘাগৰমুখ গাঁৱৰ চাপৰিৰ সোমাজেদি পূবা-পশ্চিমাকৈ খনন কৰিব লগা চেনেল কাটিংৰ দৰে প্ৰকল্পৰ দ্বাৰা কৃষি ভূমিৰ লগতে ন-আলি, ঘাগৰমুখ বালি গাঁৱৰ অস্তিত্বৰ সংকট নমাই অনাৰ আশংকা বৃদ্ধি পাইছে ৷
এই বিতৰ্কিত প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিচৰে পৰা ইয়াৰ বিৰুদ্ধে প্ৰবল জনমত গঠন হৈছে । আইন শৃংখলাজনিত কাৰণত এতিয়া লখিমপুৰ জলসম্পদ বিভাগে লখিমপুৰ আৰক্ষী প্ৰশাসন তথা চি আৰ পি এফ জোৱানৰ সহায়তহে চেনেল কাটিঙৰ কাম কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: Accident in Dhemaji : গোগামুখত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুই