ETV Bharat / state

Missing pokur press meet : মিচিং ভাষাৰ বিকাশত গুৰুত্ব নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ মিচিং ভাষাৰ পকুৰ সন্থাৰ

author img

By

Published : Jul 3, 2023, 2:01 PM IST

মাজুলীত কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাৰ সংবাদমেল ৷ বিভিন্ন বিষয় সন্দৰ্ভত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সন্থাই ৷

Press meet by missing pokur association in Majuli
কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাৰ সংবাদমেল

মাজুলী, 3 জুলাই : মাজুলীত কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰে ৷ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ লোকসকল সদায়ে যে চৰকাৰী প্ৰতাৰণাৰ বলি হৈ আহিছে সেই সন্দৰ্ভত সংবাদ মেলখনত উল্লেখ কৰে সন্থাই ৷ বিশেষকৈ মিচিং জনজাতিৰ কেইবাটাও প্ৰধান দাবী পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰখনক অনুৰোধ কৰি অহাৰ পিচতো বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাত সংবাদ মেলত ক্ষোভ উজাৰে সন্থাই ।

চলিত বৰ্ষৰ 28, 29 আৰু 30 মে’ৰ দিনা গোগামুখত আগম কেবাঙৰ 50 বছৰীয়া সোণালী জয়ন্তী কাৰ্যসূচীত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মাতৃভাষাৰ মাধ্যম ঘোষণা কৰি মুঠ 11 খনকৈ মিচিং ভাষাৰ পাঠ্যপুথি উন্মোচিত কৰিছিল । কিন্তু পৰিতাপৰ বিষয় যে, আজিলৈকে ভাষাটোক ৰাজ্যপালৰ স্বাক্ষৰৰ জৰিয়তে কেবিনেটযোগে গৃহীত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ নতুন শিক্ষা নীতি 2020 অনুসৰি, 4.11 আৰু 4.12 ত উল্লেখ থকা অনুসৰি শিক্ষাৰ মাধ্যম প্ৰৱৰ্তন কৰাৰ উপৰিও নতুন শিক্ষক পদ সৃষ্টিৰে নিযুক্তিৰ বাধ্যতামূলকতাৰ কথাও আছে বুলি সংবাদ মেলত উল্লেখ কৰে সন্থাই ।

আনহাতে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধেও সোচ্চাৰ হোৱা পৰিলক্ষিত হয় সন্থা ৷ অসমৰ সৰ্ববৃহৎ দ্বিতীয় জনগোষ্ঠী মিচিং লোকসকলক চকুত ধূলি মাৰি মাধ্যম বিনষ্ট কৰাৰ প্ৰচেষ্টা কিয় কৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰি অসমত টেট নিযুক্তিৰ ক্ষেত্ৰত মিচিং জনগোষ্ঠীৰ বাবে কিয় ব্যৱস্থা কৰিব নোৱাৰি বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে medium of instraction যদিহে ঘোষণা কৰা নহয় তেন্তে পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে সন্থাই ।

সমাজৰ উন্নতি সাধনৰ বাবে ৰাজনৈতিক ক্ষমতা লাগে বুলি কৈ ৰাইজৰ সহায় সহযোগিতা বিচৰা ৰণোজ পেগুক ৰাজনৈতিক ক্ষমতা প্ৰদানৰ পিচত তেওঁ কি কৰিছে অৰ্থাৎ মিচিংসকলক শিক্ষামন্ত্ৰীয়ে পাহৰি গ’ল বুলি সংবাদ মেলত আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় মিচিং ভাষাৰ পকুৰ সন্থাই ।

লগতে পঢ়ক : Sudakshina sharma is no more : অন্তিম শয়নত সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.