মাজুলী,১৮ ডিচেম্বৰ: বছৰ আহিছে বছৰ গৈছে ঠিক তেনেদৰে চৰকাৰ আহিছে গৈছে কিন্তু সত্ৰ নগৰী মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যদা লাভৰ পৰা সদায় বঞ্চিত হৈ আহিছে । বহুবাৰ ডচিয়াৰ প্ৰেৰণ কৰা পাছতো সদায় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পৰা বঞ্চিত হৈ ৰয় সত্ৰ নগৰী মাজুলী(Majuli in Assam) । বহু লক্ষ লক্ষ টকা ব্যয় কৰি ডচিয়াৰ নিৰ্মাণ কৰা পাছতো শুদ্ধ তথ্য সম্বলিত ডচিয়াৰ গৈ নাপায় ইউনেছস্কো ।
পুনৰ মাজুলী বিশ্ব ঐতিহ্যৰ প্ৰসংগ প্ৰাসংগিক হৈ পৰিছে । মাজুলীক বিশ্ব ঐতিহ্য স্বীকৃতি প্ৰদান কৰাৰ বাবে শুদ্ধ তথ্য সম্বলিত ডচিয়াৰ প্ৰস্তুতৰ বাবে মাজুলীৰ জিলা উপায়ুক্ত সভাকক্ষত শনিবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ(Principal Secretary Pawan Borthakur)ৰ লগতে বিভিন্ন বিভাগৰ উচ্চ বৰ্গ বিষয়সকল(Preparations to include Majuli in World Heritage Site) । মাজুলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰত নাম সন্নিৱিষ্ট কৰিবৰ বাবে অহা ২০২৩ বৰ্ষত ফেব্ৰুৱাৰী মাহত ইউনেছস্কোত আবেদনৰ যাৱতীয় প্ৰস্তুতিৰ বাবে মুখ্য সচিবৰ নেতৃত্বত মাজুলীত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভা ।
সভাত দুটা কেটেগুৰিত এইবাৰ ডচিয়াৰ প্ৰেৰণৰ প্ৰস্তাৱ লোৱা হয় । জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ক্ষেত্ৰৰ ওপৰত প্ৰস্তুত হ'ব ডচিয়াৰ । শুদ্ধ তথ্য সম্বলিত ডচিয়াৰহে প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হয় সভাত । মুখ্য সচিবে সমগ্ৰ বিষয় তদাৰক কৰিব । মাজুলীবাসীৰ আশা দীৰ্ঘদিনীয়া দাবী যাতে পুৰণ হোৱাত চৰকাৰ, প্ৰশাসনে গুৰুত্ব সহকাৰে কাম কৰে তাৰ বাবে সকলোৱে আহ্বান জনাইছে ।
লগতে পঢ়ক: Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ