ETV Bharat / state

গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে - প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী

মাজুলীৰ বালিগাঁও চাৰিআলিৰ পৰা মিলনপুৰ নিখিনিখোৱা হৈ চিৰাম তেলিয়াবাৰীলৈ যোৱা পথটো আজিকোপতি নিৰ্মাণ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বিগত দিনকেইটা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বোকাময় হৈ পৰা পথটোত এতিয়া যাতায়ত কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

poor condition of a road in majuli
গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে
author img

By

Published : Jun 10, 2021, 2:12 PM IST

মাজুলী,10 জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ বিধ্বস্ত পথে জীয়াতু ভোগাইছে সাধাৰণ জনতাক ৷ অভিযোগ অনুসৰি বালিগাঁও চাৰিআলিৰ পৰা মিলনপুৰ নিখিনিখোৱা হৈ চিৰাম তেলিয়াবাৰীলৈ যোৱা পথটো আজিকোপতি নিৰ্মাণ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷

5 বছৰে পথটো নিৰ্মাণ নকৰাত এতিয়া নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথ মেৰামতি কৰিবলৈ ওলাই আহিল মিলনপুৰ, নিকিনিখোৱা, তেলিয়াবাৰী গাঁৱৰ কুৰিৰো অধিক পুৰুষ-মহিলা ৷ এই পথটোৱে দৈনিক যাতায়ত কৰে শ শ লোকে । গড়মুৰ মেডিকেল, কমলাবাৰী, ফুলনি, বিভিন্ন স্কুল-কলেজ, চিৰাম বৰগুৰি উপ-স্বাস্থ্য কেন্দ্ৰ, জেংৰাইকে আদি কৰি বিভিন্ন স্থানলৈ অহা-যোৱা কৰা এইটোৱে হৈছে এই গাঁও কেইখনৰ মূল পথ ।

গাঁঠিৰ ধন খৰচ কৰি পথ নিৰ্মাণ কৰিলে মাজুলীবাসীয়ে

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বিগত দিন কেইটা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বোকাময় হৈ পৰা পথটোত এতিয়া যাতায়াত কৰিব নোৱাৰা অৱস্থা সৃষ্টি হৈছে ৷ গাড়ী, মটৰ, চাইকেলতো বাদে খোজকাঢ়ি যাবৰ বাবে সাধাৰণ পথচাৰীয়ে বহুবাৰ ভাবিবলগীয়া হয় ৷ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰটো এতিয়া জীয়াতু ভুগিবলগীয়া হোৱাৰ কথা সদৰী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.