ETV Bharat / state

Majuli Health Sector : মাজুলীৰ স্বাস্থ্য বিভাগত অৰাজক পৰিস্থিতি

author img

By

Published : Jan 26, 2023, 4:58 PM IST

মাজুলীৰ স্বাস্থ্য খণ্ডত শোচনীয় ৰূপ (poor condition in Majuli health sector) । মাজুলী বনগাঁও ৰাজ্যিক চিকিৎসালয়ত উপস্থিত নাই চিকিৎসক, নাৰ্ছ । গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিয়ে ঘৰলৈ গ'ল চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰী । ৰোগী আহি বিচাৰি নাপালে চিকিৎসাকৰ্মী ।

Majuli
Majuli
মাজুলীৰ বনগাঁও চিকিৎসালয়ত অনুপস্থিত চিকিৎসক, নাৰ্ছ

মাজুলী, ২৬ নৱেম্বৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমুল পৰিৱৰ্তন হোৱাৰ কথা অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে বাৰম্বাৰ কৈ আহিলেও তাৰ কিন্তু ওলোটা ছবিহে সময়ে সময়ে প্ৰতিফলতি হৈ আহিছে (Assam health sector poor condition) । বিশেষকৈ পৰ্যাপ্ত চিকিৎসকৰ অভাৱৰ বিপৰীতে কোনোবা ক্ষেত্ৰত আকৌ চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, নাৰ্ছ তথা চিকিৎসাকৰ্মীৰ অভাৱ, চিকিৎসা আন্তঃগাঁথনি আদি এশ এবুৰি সমস্যাৰে আজিও ভাৰাক্ৰান্ত হৈ আছে ৰাজ্যৰ স্বাস্থ্য খণ্ড (health department of Assam) ।

চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নতিৰ ঢাক-ঢোল সময়ে সময়ে বজাই আহিলেও বাস্তৱ ক্ষেত্ৰত সেয়া যে ফটোঢোলৰ ছেওহে সেয়া প্ৰমাণিত হৈ আহিছে । বিশেষকৈ শেহতীয়া কিছু দিনত মাজুলীৰ স্বাস্থ্য খণ্ডৰ তথৈবচ অৱস্থাৰ কথা বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে (poor cindition in Majuli health sector) । এক কথাত ক'বলৈ গ'লে কৈ থাকিলেও যেন ওৰকে নপৰে মাজুলীৰ জিলা চিকিৎসা ব্যৱস্থাৰ কথা ‌। কেতিয়াবা যদি মাজুলীৰ চিকিৎসালয়ত চিকিৎসক নাথাকে, কেতিয়াবা আকৌ ৰোগী অনা-নিয়া কৰিবলৈ এম্বুলেঞ্চৰ অভাৱ (lack of infrastructure in Majuli health sector) ।

যিমানেই উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয়, মাজুলীৰ চিকিৎসা ব্যৱস্থা আজিৰ তাৰিখতো পুতৌলগা অৱস্থাতে আছে । এইবাৰ মাজুলী বনগাঁও ৰাজ্যিক চিকিৎসালয়ত উপস্থিত নাই চিকিৎসক আৰু নাৰ্ছ । গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই অন্তৰ্ধান চিকিৎসক তথা নাৰ্ছ । বনগাঁও ৰাজ্যিক চিকিৎসালয়ৰ ১৬ জন কৰ্মচাৰী ১০.৪৫ লৈকে উপস্থিত নাই কৰ্মচাৰী । পুৱা গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাছতে চিকিৎসালয় বন্ধ কৰি ঘৰে ঘৰে যায় সকলো ।

কিন্তু চিকিৎসালয়ত ৰোগী উপস্থিত হৈ চিকিৎসক-কৰ্মচাৰী বিচাৰি হাবাথুৰি খাবলগা হয় । জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ লগত এই সন্দৰ্ভত যোগাযোগ কৰাত জানিবলৈ দিয়ে যে চিকিৎসালয়ত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা হোৱা নাই । কিন্তু যদিহে চিকিৎসালয় বন্ধ নাই, তেন্তে কিয় বন্ধ থাকিল চিকিৎসালয়খন । ১৬ জন কৰ্মচাৰীৰ চিকিৎসালয়খনত মাত্ৰ এজন ফাৰ্মাচিতহে উপস্থিত হয় । এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Republic Day 2023: মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই কাছাৰী মৈদানত উত্তোলন কৰে পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.