ETV Bharat / state

PMAY scam: মাজুলীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি

author img

By

Published : Jul 19, 2022, 1:50 PM IST

মাজুলীত যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ একাংশ লোকৰ । অতি দৰিদ্ৰ লোকক আঁচনিৰ বাবে অযোগ্য ঘোষণা কৰাক লৈ ক্ষোভিত একাংশ লোক (Protest at Majuli)। মাজুলী দক্ষিণপাট কুমাৰ গাঁৱৰ সামূহিক ভৱনত প্ৰতিবাদ বঞ্চিত লোকৰ ।

PMAY scam
মাজুলীত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি

মাজুলী,১৯ জুলাই : মাজুলীত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত ব্যাপক অনিয়ম (PMAY scheme discrepancy in Majuli)। যোগ্য হিতাধিকাৰীক অযোগ্য ঘোষণা কৰাক লৈ ক্ষোভিত একাংশ লোক । মাজুলী দক্ষিণপাট কুমাৰ গাঁৱৰ সামূহিক ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে । প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে তথ্য সংগ্ৰহকাৰী সদস্যৰ ঘৰ (Protest of deprived beneficiaries of PMAY scheme)।

দক্ষিণপাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২০১৮-১৯ বৰ্ষৰ চাৰ্ভে অনুসৰি দক্ষিণপাট পঞ্চায়তৰ ৯৯১ টা দৰিদ্ৰ পৰিয়াল চিহ্নিত হৈছিল প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰাৰ বাবে ৷ কিন্তু এতিয়া ইয়াৰে ৩৯৩ টা অতি দৰিদ্ৰ খহনীয়াগ্ৰস্ত পৰিয়াল আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । ইয়াৰে ৯৭ টা দক্ষিপাট কুমাৰ গাঁৱৰ মথাউৰিত বাস কৰা খহনীয়াগ্ৰস্ত পৰিয়াল । সাধাৰণ টিনপাতৰ চালিৰ তলত বাস কৰা পৰিয়ালসমূহৰ নাম তালিকাত অহাৰ পাছতো এতিয়া পকীঘৰ আছে বুলি ৰিজেক্ট কৰা হৈছে মূল তালিকাত ।

মাজুলী খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত ৬ জনীয়া এটা দল গঠন কৰি দিছিল এই আঁচনি নিৰীক্ষণৰ বাবে । বিজিত শইকীয়া, সৌৰভ তামুলী, শংকৰ গাম, নিৰু বৰা, মিনাক্ষী ভৰালী, ৰিতা কলিতা নামৰ লোক কেইগৰাকী আছিল এই দলটোত ।

কিন্তু ৰিতা কলিতা নামৰ মহিলাগৰাকীয়ে নিজৰ পৰিয়ালতে ৪ টাকৈ গৃহ আৱণ্টন কৰাই লোৱাৰ অভিযোগ ৰাইজৰ । সেয়েহে ক্ষোভিত ৰাইজে ৰিতা কলিতাৰ গৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে উপযুক্ত তদন্তৰ দাবী জনাই প্ৰতিবাদকাৰী লোকসকলে । বিষয়টো তদন্ত কৰি বঞ্চিত হিতাধিকাৰীক আঁচনিৰ সুবিধা নিদিলে ভয়াৱহ আন্দোলনৰো হুংকাৰ দিয়ে লোকসকলে ।

লগতে পঢ়ক :Cattle smuggling : জোনাইত চোৰাং গৰুসহ বাহন জব্দ, আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.