ETV Bharat / state

নিম্নমানৰ Network: সংকটত শিক্ষাৰ্থী

author img

By

Published : Jul 17, 2021, 5:22 PM IST

নিম্নমানৰ Network -এ জ্বলা-কলা খুৱাইছে মাজুলীবাসীক । অনলাইন পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ এই বিষয়ক কেন্দ্ৰ কৰি কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গ্ৰাহক তথা স্থানীয় ৰাইজ ৷

People Complained Against  low quality Network At Majuli
নিম্ন মানৰ Network কে জলা-কলা খুৱাইছে ৰাইজক

মাজুলী, 17 জুলাই : কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ পৰা আদি কৰি অফিচ-কাছাৰীৰ প্ৰায়বোৰ কাম-কাজ অনলাইন পদ্ধতিৰে চলি আছে । তেনে সময়তে নিম্নমানৰ network সেৱাই জ্বলা-কলা খুৱাইছে মাজুলীবাসীক ।

কি এয়াৰটেল (AIRTEL), কি বিএছএনএল (BSNL) সকলো কোম্পানীৰ network ৰ অৱস্থা তথৈবচ ৷ ম’বাইল টাৱাৰসমূহৰ নেটৱৰ্ক নথকাত ফোন এটা কৰিবলৈও হাৰাশাস্তি খাবলগীয়া হৈছে মাজুলীবাসী ৷ ইয়াৰোপৰি অনলাইনৰ জৰিয়তে কোনো কাম কৰিবলগীয়া হ’লেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে গ্ৰাহকসকল ৷

ইফালে কৰ'ণা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা ক'ভিডৰ নীতি-নিৰ্দেশনাৰ ফলত বন্ধ হৈ পৰিছে সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ লগতে সকলো প্ৰকাৰৰ শিক্ষানুষ্ঠানসমূহ ৷

বন্ধৰ মাজতে ৰাজ্যত চলি আছে অনলাইন পাঠদান, পৰীক্ষা আদি । এই কোম্পানীসমূহৰ বিৰুদ্ধে এতিয়া মাজুলীৰ একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱক ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । নেটৱৰ্কৰ অভাৱত এতিয়া এইসকল ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'বলগীয়া হৈছে অনলাইন ক্লাছৰ পৰা ৷ কাৰণ জিলাখনৰ বেছিভাগ অঞ্চলতে নাপাই নেটৱৰ্ক ।

তদুপৰি ক'ভিডৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ভেকচিন প্ৰদান কৰি আহিছে ৷ দুৰ্ভাগ্যৰ বিষয় যে ক'ভিড ভেকচিন গ্ৰহণ কৰাৰ পাচত অনলাইনৰ পৰা ভেকচিন গ্ৰহণ কৰা প্ৰমাণ পত্ৰ (Certificate) খন ডাউনলোড কৰিবলৈও দিনৰ পিছত দিন ৰখিবলগীয়া হৈছে মাজুলীবাসী ৷ উক্ত সমস্যা সমূহৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে চৰকাৰ আৰু কোম্পানীসমূহক network ৰ ব্যৱস্থা উন্নত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

উল্লেখ্য যে, ম’বাইল ইণ্টাৰনেটৰ ব্যাপক সম্প্ৰসাৰণ হ'ল । ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এনে সময়ত গ্ৰামাঞ্চলৰ ইণ্টাৰনেট সেৱাৰ অনিয়মীয়া সেৱাই অতিষ্ঠ কৰিছে ৰাইজক ৷ মাজুলীৰ উপৰিও নগাঁৱৰো বিভিন্ন প্ৰান্তত একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে নেটৱৰ্কৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইয়াৰ বিৰুদ্ধে ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ পূৰ্বে নেটৱৰ্ক বিচাৰি গছত উঠিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এতিয়া ডিজিটেল ইণ্ডিয়াৰ দিনত পথাৰত বহি পৰীক্ষা দিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে । ফলত অতিষ্ঠ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী, ক্ষুণ্ণ হৈছে অভিভাৱকসকল ।

ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ (BSNL) ৰ যেন অকৰ্মণ্যতা আৰু অমনোযোগিতাৰ বাবেই দেশত এতিয়া বিভিন্ন ব্যক্তিগত কোম্পানীৰ ম’বাইল নেটৱৰ্ক কোম্পানীয়ে আৰম্ভ কৰিছে ব্যৱসায় । চৰকাৰী খণ্ডৰ অমনযোগিতাৰ সুযোগ লৈয়ে ব্যক্তিগত কোম্পানীয়ে নিজ ইচ্ছামতে সেৱা আগবঢ়াই লুণ্ঠন চলোৱা বুলিও চলিছে ব্যাপক চৰ্চা । সেয়ে এই বিষয়ত এতিয়া মাজুলীবাসীয়ে চৰকাৰৰ হস্তক্ষেপ আশা কৰিছে ৷

লগতে পঢ়ক-বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.