ETV Bharat / state

Ferry stuck in Majuli : ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী - 108 নৌকা এম্বুলেন্স

ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী ৷ উদ্ধাৰৰ বাবে ৰাওনা SDRF ৰ দল ৷

Ferry stuck in Majuli
নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী
author img

By

Published : Jul 19, 2023, 10:51 AM IST

Updated : Jul 19, 2023, 11:59 AM IST

নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী

মাজুলী, 19 জুলাই : ব্ৰহ্মপুত্ৰ নদীৰ মাজত বুধবাৰে পুৱা আৱদ্ধ হৈ পৰে এখন যাত্ৰীবাহী ফেৰী ৷ পুৱা 7:30 বজাত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আহি থকা সময়তে নদীৰ মাজত আৱদ্ধ হৈ পৰে আৰ পি এল দিগৰু নামৰ ফেৰীখন ৷ ফেৰীখন আৱদ্ধ হৈ পৰাৰ তথ্য লাভ কৰাৰ পাচতেই উদ্ধাৰৰ বাবে মাজুলী কমলাবাৰী ঘাটৰ পৰা SDRF ৰ এটি দল ৰাওনা হয় ৷

যাত্ৰীবাহী ফেৰীখনত ১০১ জন যাত্ৰী আৰু ৩৪ খন মটৰচাইকেল আছিল ৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে বিগত এসপ্তাহ ধৰি বন্ধ হৈ আছিল নিমাতী কমলাবাৰী ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীৰ ফলত বুৰ গৈছিল ফেৰী ৰখোৱা ৰেম্পসমূহৰ লগতে অহা-যোৱা কৰা বাট-পথসমূহ । ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ লগতে ৰেম্পসমূহ কিছু পৰিমাণে সুচল হোৱা বাবে আজিৰ পৰা পুনৰ আৰম্ভ কৰা হৈছিল ফেৰী সেৱা । ফেৰী সেৱা আৰম্ভ হোৱাৰ লগে লগেই কমলাবাৰী ফেৰীঘাটত যাত্ৰীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় ।

ইয়াৰ পূৰ্বে প্ৰতিকূল বতৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ মাজত এখন যাত্ৰীবাহী ফেৰী আৰু এখন জৰুৰীকালীন 108 সেৱা নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল । মাজুলীৰ পৰা নিমাতী ঘাটত ৰোগী থৈ মাজুলীলৈ উভতাৰ পথতে ব্ৰহ্মপুত্ৰৰ মাজত কুঁৱলীৰ বাবে দিশ হেৰুৱাই 1 ঘণ্টা ধৰি নৈৰ এটি বালিচৰত আৱদ্ধ হৈ পৰিছিল 108 নৌকা এম্বুলেন্সখনে ।

মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বুধবাৰৰ পৰা ফেৰী সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে যদিও সেৱা আৰম্ভ হোৱাৰ দিনাই সংঘটিত হয় এই অঘটন ৷

লগতে পঢ়ক : ABSU slams arup kumar dey : বিজেপিৰ অৰূপ কুমাৰ দে’ক সাৱধানবাণী এবছুৰ সভাপতিৰ

Last Updated : Jul 19, 2023, 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.