ETV Bharat / state

অৱহেলিত হৈ ৰৈছে বৈষ্ণৱ পণ্ডিত শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সৃষ্টিৰাজি - সত্ৰীয়া সাহিত্য

বৈষ্ণৱ পণ্ডিত শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ গোস্বামীৰ অবিহনে পাৰ হ’ল এটা বছৰ ৷ বিগত এটা বছৰে সংৰক্ষিত নহ’ল তেখেতৰ সৃষ্টিৰাজি । ক্ৰমাৎ জহি খহি গৈছে তেখেতৰ বহাঘৰ, তেখেতৰ স্মৃতিৰাজি ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ডেকা সত্ৰাধিকাৰ ।

one year has passed without shree shree narayan chandra goswami
পাহৰনিৰ গৰ্ভত বৈষ্ণৱ পণ্ডিত শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ গোস্বামীৰ সৃষ্টিৰাজি
author img

By

Published : Jul 6, 2021, 8:10 PM IST

মাজুলী, 6 জুলাই : সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ অবিহনে আজিও উকা হৈ পৰি ৰৈছে মাজুলী ৷ বৈষ্ণৱ পণ্ডিত, স্বনামধন্য সাহিত্যিক, নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ আছিল প্ৰয়াত নাৰায়ণ চন্দ্ৰ গোস্বামী । অসম গৌৰৱ পণ্ডিতজনৰ দেহাৱসানৰ এটা বছৰেই সম্পূৰ্ণ হ'বৰ হ'ল যদিও চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত ৰক্ষা নকৰিলে ।

one year has passed without shree shree narayan chandra goswami
পাহৰনিৰ গৰ্ভত বৈষ্ণৱ পণ্ডিত শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ গোস্বামীৰ সৃষ্টিৰাজি

বিগত এটা বছৰে সংৰক্ষিত নহ’ল তেখেতৰ সৃষ্টিৰাজি ৷ এই অভিযোগ উত্থাপন কৰিছে মাজুলীবাসী ৰাইজে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদ্যশ্ৰাদ্ধত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই বৈষ্ণৱ পণ্ডিত গৰাকীৰ সম্পদৰাজি সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

কিন্তু বৰ্তমান মহান মনিষী গৰাকীৰ অমূল্য সৃষ্টিক নৱ-প্ৰজন্মৰ মাজত অধ্যয়নৰ সু-ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ হৈছে । সমান্তৰালভাৱে সত্ৰাধিকাৰ গৰাকীৰ সম্পদৰাজি সংৰক্ষণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কলাক্ষেত্ৰৰ সচিব সুৰ্দশন ঠাকুৰেও । এটা বছৰ পাৰ হোৱাৰ পাচতো অনাদৃত হৈ পৰি ৰৈছে তেখেতৰ পুথিভঁৰাল, বিভিন্ন সম্পদসমূহ, স্মৃতি বিজৰিত বহাঘৰ কোঠা, বটাবাহনৰ সমূহ ।

চলিত মাহৰ ৩১ তাৰিখে তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী । সকলো প্ৰতিশ্ৰুতি যেন এতিয়া পাহৰণিৰ গৰ্ভত । প্ৰয়াত সত্ৰাধিকাৰ গৰাকীয়ে ২০ খনতকৈ অধিক মনোজ্ঞ গ্ৰন্থ, ৮ খন সম্পাদিত গ্ৰন্থ, ৯ খন নাট্য সাহিত্য আৰু দুখন কবিতা পুথি ৰচনা কৰি সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে ।

কুৰিৰো অধিক বঁটা বাহনৰ লগতে সাহিত্যিক পেঞ্চন লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ এটি মুকুটা আছিল । সত্ৰীয়া সাহিত্য জগতৰ মুকুট বিহীন সম্ৰাট । সাহিত্য, সংস্কৃতিৰ ভঁড়াল টনকিয়াল কৰা বৈষ্ণৱ পণ্ডিত গৰাকীৰ স্মৃতি সমূহ সংৰক্ষণ কৰি জীয়াই ৰাখিবলৈ আহ্বান জনাইছে মাজুলীবাসী ৰাইজে ।

লগতে পঢ়ক: স্থাপনৰ পূৰ্বেই ভূমিহীন হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.