ETV Bharat / state

NSD Student Perform Bhaona: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে ৰাম বিজয়

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 5:49 PM IST

মাজুলীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ অমৰসৃষ্টি ৰাম বিজয় অংকীয়া নাট ৷ নিখুঁত, সাৱলীল অভিনয়ৰে মুহিলে উপস্থিত দৰ্শকক ৷

NSD Student Perform Bhaona
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰাম বিজয় ভাওনা প্ৰদৰ্শন

মাজুলী, 10 অক্টোবৰ: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে অংকীয়া নাট । গুৰুজনাৰ অমৰ সৃষ্টি ৰামবিজয় নাটকৰ কঠিন বজ্ৰাৱলী ভাষা আখৈ ফুটাদি ফুটিল ছাত্ৰ-ছাত্ৰীসকলৰ মুখত । নিখুঁত অভিনয়েৰে মুহিলে উপস্থিত দৰ্শকক । সত্ৰৰ আধ্যাত্মিক পৰিৱেশত গ্ৰহণ কৰা ২০ দিনীয়া কৰ্মশালাৰ সামৰণি ।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম চেণ্টাৰৰ (N S D) উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত ২০ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰলৈ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত ২০ দিনীয়া কৰ্মশালাৰ অনুষ্ঠিত হয় । উক্ত কৰ্মশালাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, পুনে, ছিকিম, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, অসমৰ ২০ জনীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় অংকীয়া নাট, সত্ৰীয়া নৃত্য, বৰগীত, মুখাশিল্প, সচিত্ৰ ভাগৱতৰ আৰ্হিত চিত্ৰকলা, ৰূপসজ্জা, আহাৰ্য আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

উল্লেখ্য যে, উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে প্ৰশিক্ষণ প্ৰদান কৰে উক্ত কৰ্মশালাত ৷ সোমবাৰে সন্ধিয়া ৫.৩০ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ নৱনিৰ্মিত ‘সাংস্কৃতিক ভৱন’ত ‘ৰাম বিজয়’ নাট পৰিৱেশন কৰি উপস্থিত দৰ্শকক মুহিত কৰিবলৈ সক্ষম হয় প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে ৷

শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞাই আতঁধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিম চেন্টাৰৰ সঞ্চালক চৌথি চক্ৰৱৰ্তী আৰু পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত, সংগীত নাটক অকাডেমিৰ বঁটাপ্ৰাপক যোগেন দত্ত বায়ন, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্ত ৷

কাৰ্যসূচী শুভাৰম্ভ হয় পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতৰ বন্তি প্ৰজ্বলনেৰে ৷ আনহাতে নাটখন পৰিচালনা কৰে বিশিষ্ট সত্ৰীয়া শিল্পী ভৱেন বৰবায়নে ।

লগতে পঢ়ক: rama Festival in Tangla: জয়ৰঙ্গম ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.