মাজুলী,4 জানুৱাৰী: সোমবাৰে মাজুলীৰ কমলাবাৰীস্থিত পাঞ্জাৱ নেশ্যনেল বেংকত গ্ৰাহকৰ মাজত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ বেংকৰ গ্ৰাহকৰ পৰা একেটা মাহতে দুবাৰকৈ ঋণৰ ধন কটাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ গ্ৰাহকে ধন কৰ্তনৰ কাৰণ সুধিবলৈ গ'লে গা এৰা মনোভাৱ প্ৰদৰ্শন কৰাৰ অভিযোগ বেংকৰ মেনেজাৰজনৰ বিৰুদ্ধে ৷ দীৰ্ঘ দিনৰ পৰা গ্ৰহকক জ্বলা-কলা খুৱাই অহাৰ অভিযোগ উঠি আহিছে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷
উল্লেখ্য যে,গ্ৰাহকৰ একাউণ্টত ধন জমা কৰিলেও লগে লগে ধন কৰ্তন কৰাৰ ফলতে একাউণ্ট শূন্য হৈ পৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে ৷ কেইবামাহ ধৰি বেংকৰ শাখাটোত এনেদৰেই হাৰাশাস্তি ভুগিছে বুলি গ্ৰাহক সকলে জানিবলৈ দিয়ে ।