মাজুলী,21 নৱেম্বৰ: কন্ঠ শিল্পী বাবুৰ সদ্য মুক্তি প্ৰাপ্ত "মাজুলীৰ গাভৰু " এলবামক কেন্দ্ৰ কৰি সম্প্ৰতি নদীদ্বীপ মাজুলীত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকা পৰিলক্ষিত হৈছে ৷ ভিডিঅ'টোত মাজুলীৰ সত্ৰীয়া কলা-সংস্কৃতি,দেৱবাদ্য আৰু মুখা শিল্পক বিৰ্তকিত ভাৱে উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে মাজুলীৰ স্থানীয় ৰাইজে ৷ ইফালে ঘটনাৰ গম্ভীৰতা উপলব্ধি কৰি ইউ টিউবৰ পৰা ভিডিঅ'টো কৰ্তন কৰিছে কন্ঠশিল্পীগৰাকীয়ে ৷ তেওঁ লগতে অনিচ্ছাকৃত ভুলৰ বাবে মাজুলীবাসী ৰাইজৰ ওচৰত ফেচবুকযোগে ক্ষমাও বিচাৰে ৷
ইফালে শিল্পীগৰাকীৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাই মাজুলীৰ গড়মূৰ থানাত গোচৰ ৰুজু কৰাৰ লগতে মাজুলীবাসী ৰাইজৰ ওচৰলৈ আহি ক্ষমা বিচাৰিবলৈ দাবী তুলিছে সংগঠনটোৱে ৷
আনহাতে শিল্পীগৰাকীলৈ অনুৰূপ আহ্বান জনাইছে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে ৷ ছ'চিয়েল মিডিয়া এৰি মাজুলীবাসী ৰাইজৰ ওচৰলৈ আহি ক্ষমা খোজাৰ আহ্বান জনালে সত্ৰাধিকাৰ গৰাকীয়ে ৷
প্ৰণিধানযোগ্য যে বিতৰ্কিত গীতটোৰ সৈতে মাজুলীৰ ভোগপুৰ সত্ৰৰ নাম সাঙোৰ খায় পৰাত,এই সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰে সত্ৰখনৰ সত্ৰাধিকাৰ পদ্ম হাজৰিকাই ৷
এনে প্ৰক্ষাপটত কণ্ঠশিল্পী বাবুৱে ইচ্ছাকৃতভাৱে মাজুলীৰ সত্ৰীয়া সংস্কৃতিক বিকৃতভাৱে উপস্থাপন কৰিছিল নেকি? তাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আগন্তুক সময়ত এই বিৰ্তকই কি মূৰ লয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ।
আৰু পঢ়ক অসমৰ তিনিজন আধুনিক বদন কোন ?