ETV Bharat / state

সামাজিক মাধ্যমত সত্ৰাধিকাৰক কটু মন্তব্য কৰি ৰঙাঘৰৰ আলহী শিক্ষক

বৃহস্পতিবাৰে আটক হ’ল লখিমপুৰৰ টেট শিক্ষক নয়নজ্যোতি বৰুৱা ৷ সামাজিক মাধ্যমত সত্ৰাধিকাৰক লৈ কটু মন্তব্য (Controversial Facebook post against Satradhikar) কৰা এক গোচৰত আটক কৰা হৈছে নয়নজ্যোতিক ৷

author img

By

Published : Apr 29, 2022, 2:05 PM IST

আটক হ’ল লখিমপুৰৰ টেট শিক্ষক নয়নজ্যোতি বৰুৱা

মাজুলী, 29 এপ্ৰিল : অৱশেষত আটক হ’ল সামাজিক মাধ্যমত সত্ৰাধিকাৰক লৈ বিৰূপ মন্তব্য কৰা লখিমপুৰৰ যুৱক নয়নজ্যোতি বৰুৱা ৷ তথ্য অনুসৰি, মাজুলী থানাত 20/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইন মতে 294/500 IPC R/W 67 আইটি এক্ট অনুসৰি ৰুজু কৰা হৈছিল এক গোচৰ । এই গোচৰৰ ভিত্তিতেই মাজুলী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আটক কৰে নয়নজ্যোতি বৰুৱাক (Nayanjyoti Baruah arrested by majuli police) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নয়নজ্যোতি বৰুৱা নামৰ এজন যুৱকে ফেচবুক পোষ্টটোত ড৹ পীতাম্বৰ দেৱ গোস্বামীক গুৰু আসনৰ সম্মুখত বহুৱাই বনোৱা ফটো ব্যৱহাৰ কৰি জনমানসত সত্ৰাধিকাৰগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছিল (Controversial Facebook post against Satradhikar) । লগতে দক্ষিণপাট সত্ৰাধিকাৰগৰাকীক কটু মন্তব্য কৰিছিল নয়নজ্যোতি বৰুৱা নামৰ যুৱকজনে । যাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি ৰাইজৰ ৰোষত পৰিছে এতিয়া নয়নজ্যোতি বৰা নামৰ যুৱকজন ৷

লগতে পঢ়ক : Controversial Facebook post against Satradhikar : মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিবাদী সভা

যুৱকজনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ, দল-সংগঠনৰ লগতে বৈষ্ণৱ সমাজ (Adverse comments about Satradhikar on social media)। মাজুলী থানাত বিশ্ব হিন্দু মহাসংঘ অসমৰ লগতে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ, আধাৰ সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ লগতে মাজুলী যুৱক ধ্ৰুৱজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে যুৱকজনৰ বিৰুদ্ধে ।

শীঘ্ৰেই নয়নজ্যোতি বৰুৱাই মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰে সত্ৰাধিকাৰ তথা মাজুলীৰ লোকসকলে । ইফালে বৃহস্পতিবাৰে মাজুলী থানা 20/2022 নম্বৰত ভাৰতীয় দণ্ডবিধি আইন মতে 294/500 IPC R/W 67 আইটি এক্ট গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে যুৱকজনক আটক কৰে ।

অভিযোগ অনুসৰি, আটক হোৱাৰ পাচতো অভিযুক্ত নয়নজ্যোতি বৰুৱাৰ নাই কোনো অনুশোচনা ৷ অৱশ্যে এই সন্দৰ্ভত নিজৰ মত দিয়াৰ পৰা বিৰত থাকে অভিযুক্ত নয়নজ্যোতি বৰুৱাই ৷ জানিব পৰা মতে, আটকাধীন নয়নজ্যোতি বৰুৱা এজন টেট শিক্ষক ।

লগতে পঢ়ক : সামাজিক মাধ্যমত সত্ৰধিকাৰকলৈ বিৰূপ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.