ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিব নালাগে: সাংসদ কামাখ্যা প্ৰসাদ তাছা

author img

By

Published : Jun 10, 2022, 9:52 PM IST

ৰূপজ্যোতি কুৰ্মীয়ে মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক পুঁজিৰ ধন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তদন্ত কৰিব লাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (MP Kamakhya Prasad Tasa)৷ মুখ্যমন্ত্ৰীক সাঙুৰি এই মন্তব্য কৰাটো উচিত নহয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

MP Kamakhya Prasad Tasa
ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিব নালাগে: সাংসদ কামাখ্যা প্ৰসাদ তাছা

মাজুলী, 10 জুন: মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক পুঁজিৰ ধন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তদন্ত কৰিব লাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (MP Kamakhya Prasad Tasa)৷ সাংসদগৰাকীয়ে কয়, মুখ্যমন্ত্ৰীক সাঙুৰি এই মন্তব্য কৰাটো উচিত নহয় ৷

ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীতো তদন্ত কৰিব লাগে বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে,মুখ্যমন্ত্ৰীক সাঙুৰি এই মন্তব্য কৰাটো উচিত নহয় । কোনোবাই অভিযোগ দিলে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰিবই(CMs Special Vigilance Cell) । বিধায়ক পুঁজি ব্যৱহাৰ কৰাত কেৱল বিধায়কৰে দায়িত্ব নাথাকে, প্ৰশাসন যন্ত্ৰও জড়িত ৷

বিধায়ক পুঁজিৰ অপব্যৱহাৰ হ’লে অভিযোগ আহিবই বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই অভিযোগ পালে কেৱল ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতে নহয় সকলো সমষ্টিতেই তদন্ত কৰিব পাৰে ৷ ৰূপজ্যোতিয়ে বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে, তেওঁ কথা কওতে মাৰ্জিত হোৱা ভাল বুলি মন্তব্য কৰি কামাখ্যা প্ৰসাদ তাছাই কয় যে, এইবোৰ দিশত মুখ্যমন্ত্ৰী বা প্ৰাক্তন মুখ্যমন্ত্ৰীক টনাটো গ্ৰহণযোগ্য নহয় ।

উল্লেখ্য যে, মৰিয়নীৰ বিধাকগৰাকীৰ বিধায়ক পুঁজিত দুৰ্নীত সংঘটিত হোৱাৰ অভিযোগৰ ভিত্তিত 8 জুনত চি এম ভিজিলেঞ্চৰ এটা তিনিজনীয়া দলে অভিযান চলাইছিল (Inquiry against Rupjyoti Kurmi)।

লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ৰ শোচনীয় ফলাফলে মুখ্যমন্ত্ৰীৰ মুখা খুলিলে: ৰিপুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.