ETV Bharat / state

মাতৃ দিৱসঃ মাজুলীৰ পৰিৱেশে চকু সেমেকাই তুলিলে সকলোৰে ! - Mothers Day

দেওবাৰে হঠাতে মাজুলিত গাঁৱে গাঁৱে উঠিল কান্দোনৰ ৰোল ৷ আৱেগিক এক পৰিৱেশে চুই গ’ল প্ৰত্যক্ষদর্শীৰ হৃদয় ৷

mothers day celebration at majuli etv bharat news
মাতৃ দিৱস পালন
author img

By

Published : May 10, 2020, 5:02 PM IST

মাজুলী,10 মে’ঃ লক্​ ডাউনৰ বাবে বন্ধ ৰাজ্যৰ বিদ্যালয়সমূহ ৷ ঘৰতে বিদ্যালয়ৰ পৰিৱেশ সৃষ্টি কৰি নিয়মীয়া পাঠগ্ৰহণ কৰি আহিছে মাজুলীৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ কিন্তু হঠাতে দেওবাৰে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে শুনা যায় কান্দোনৰ ৰোল ৷ কান্দোনৰ উৎস বিচাৰি দেখা গ’ল এক নান্দনিক পৰিৱেশ ৷ বিদ্যালয়খনে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দুৰত্ব অটুট ৰাখি ঘৰতে পালন কৰে মাতৃ দিৱস ৷

মাতৃ দিৱস পালন

আনহাতে, মাতৃ দিৱস উপলক্ষে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মাতৃসকলৰ ভৰি ধুৱাই ধূপ-দীপ নৈবেদ্যৰে দেৱীৰূপত পূজা-আৰাধনা কৰে ৷ মা আৰু সন্তানৰ মমতাৰ স্মৃতি দোহাৰি গোৱা গীতে মুগ্ধ কৰে উপস্থিত সকলোকে ৷ বিদ্যালয়খনৰ প্ৰধান আচাৰ্যই মাতৃসকলক উদ্দেশ্যি দিয়ে ভাষণ ৷ মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনে এইদৰে ব্যতিক্ৰমভাৱে পালন কৰে মাতৃ দিৱস ৷ আনুষ্ঠানিকভাৱে বিদ্যালয় বন্ধ থকা বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে এনেদৰে পালন কৰে মাতৃ দিৱস ৷ মাতৃৰ প্ৰতি দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভক্তিত উচুপি উঠে প্ৰতিগৰাকী মাতৃ ৷

লগতে চাওকঃ কৃষক সন্মান নিধিৰ তালিকাত পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ৰ নাম !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.