ETV Bharat / state

মাজুলীত জল জীৱন আঁচনিৰ কামৰ খতিয়ান গ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

মাজুলীত জল জীৱন মিছনত ভয়াৱহ কেলেংকাৰীৰ অভিযোগ । মাজুলীত উপস্থিত তদন্তকাৰী দল । বিভাগীয় মন্ত্ৰীয়ে কৰিছে তদন্ত ।

minister Jayanta Malla Baruah on majuli JJM
মাজুলীত জল জীৱন আঁচনিৰ কামৰ খতিয়ান গ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:36 PM IST

মাজুলীত জয়ন্তমল্ল বৰুৱাৰ জেজেএম আঁচনিৰ খতিয়ান গ্ৰহণ

মাজুলী, ১২ ডিচেম্বৰ : মঙলবাৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । এখন বিশেষ ফেৰীৰে যোৰহাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয় মন্ত্ৰীগৰাকী । মাজুলীত উপস্থিত হোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে পোনে পোনে গৈ উপায়ুক্তৰ সভাকক্ষত বিভাগীয় কৰ্তৃপক্ষৰ লগত জল জীৱন মিছনৰ লগতে আন কিছু বিষয়ৰ ওপৰত আলোচনা কৰে ।

আনহাতে, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজে স্বীকাৰ কৰে মাজুলীত জল জীৱন মিছনত সংঘটিত ভয়াৱহ দুৰ্নীতিৰ কথা । তাৰ বাবে মাজুলীত উপস্থিত হৈ প্ৰতিখন আঁচনিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীৰ জল জীৱন মিছনত যিবোৰ আসোঁৱাহ দেখা দিছে সেইবোৰ নিৰ্দিষ্ট সময়ত সমাধান কৰা হ'ব ।

লগতে আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিবোৰ সমস্যাই দেখা গৈছে সেয়াও সমাধানৰ চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । ইয়াৰ বাবে বিভিন্ন বিভাগৰ অভিযন্তাসকলে বিভিন্ন আঁচনিৰ সমীক্ষা চলাই থকা বুলিও মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উল্লেখ কৰে । আনহাতে, ২০২৪ চনত মাজুলীৰ প্ৰতিটো পৰিয়ালয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে দুৰ্নীতি ধৰা পৰিলে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । দুৰ্নীতি সংঘটিত কৰা বিষয়া-অভিযন্তাক তদন্তৰ আওতালৈ অনা হ'ব বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য যে কাৰ্যত মাজুলীত আজিও অসাৰ প্ৰতিপন্ন হৈছে জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানীৰ আঁচনিখন ।

ইয়াৰ বিপৰীতে পুৰণি আঁচনিকে নতুন আঁচনিৰ ৰূপ দি কোটি কোটি টকা সৰকোৱাৰো অভিযোগ উঠিছে । বৰপমুৱা, গড়মূৰ, চিলাকলা, দক্ষিণপাট আদি পানী যোগান আঁচনিত সংঘটিত হৈছে ভয়াৱহ অনিয়ম । ইয়াৰ মাজতে মাজুলীত তিনিদিন ধৰি অভিযান চলাই তদন্তকাৰী দলে কি পালে সেইটোহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব । লগতে মন্ত্ৰীগৰাকীৰ ভ্ৰমণত পোহৰলৈ অহা ভয়াৱহ কেলেংকাৰী সংঘটিত কৰা ঠিকাদাৰ-বিষয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক :বিজেপি চৰকাৰৰ দুৰ্নীতিশূন্য শাসন কালত দুৰ্নীতিৰ বিৰুদ্ধে পঞ্চায়ত ঘেৰাও ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.