ETV Bharat / state

সত্ৰনগৰী মাজুলীত পুনৰ কৰ'ণাৰ গণসংক্ৰমণ

author img

By

Published : Jul 12, 2021, 10:27 PM IST

মাজুলীত পুনৰ কৰ'ণাৰ গণসংক্ৰমণৰ ঘটনা ৷ ডিব্ৰুগড়ৰ পৰা অহা দম্পতীৰ দেহত ক’ভিডৰ অৱস্থিতি । উক্ত দম্পতীৰ পৰাই গণসংক্ৰমণৰ অভিযোগ ৷ জিলাখনত এই পৰ্যন্ত 165 গৰাকী লোক কৰ'ণাত আক্ৰান্ত ৷

cases-of-mass-infection-rises-in-majuli
সত্ৰনগৰী মাজুলীত পুনৰ গনসংক্ৰমন

মাজুলী, 12 জুলাই : সত্ৰনগৰী মাজুলীত পুনৰ সংঘটিত হৈছে গণসংক্ৰমণৰ ঘটনা । মাজুলীৰ ফুলনি কুহিয়াবাৰীত সংঘটিত হৈছে গণসংক্ৰমণৰ ঘটনা । এই পৰ্যন্ত গাঁওখনৰ 150 গৰাকী লোকক ক'ভিড পৰীক্ষা কৰাত 26 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড়ৰ পৰা অহা এক দম্পতীৰ দেহতো ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷

Cases of mass infection rises in Majuli
সত্ৰনগৰী মাজুলীত পুনৰ গনসংক্ৰমন

ডিব্ৰুগড়ৰ পৰা দম্পতীৰ পৰাই অঞ্চলটোত গণসংক্ৰমণ হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিনৰ পৰা গাঁওখনৰ বহু লোক পানীলগা, কাহ আদিত আক্ৰান্ত হৈ আছিল ৷ ইয়াৰ পাচতে মাজুলী জিলা স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ অঞ্চলটোৰ লোকসকলৰ ক’ভিড টেষ্ট কৰাত এইসকল লোকৰ শৰীৰত ক'ভিড ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷

Cases of mass infection rises in Majuli
সত্ৰনগৰী মাজুলীত পুনৰ গনসংক্ৰমন

মন কৰিবলগীয়া যে, সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ এই সময়তো একাংশ লোকে চৰকাৰৰ নীতি নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে । মাজুলীতো একাংশ‌ লোকে এতিয়াও মানি চলা নাই ক’ভিড প্ৰট’কল । মাজুলীৰ উজনি মাজুলী অসম গ্ৰামীণ বিকাশ বেংকত কিছুদিন পূৰ্বে দেখা গৈছিল গ্ৰাহকৰ দীঘলীয়া শাৰী ।

একাংশৰ মুখত নাই মাস্ক নথকাৰ লগতে বহুলোকেই মানি চলা নাই সামাজিক দূৰত্ব । ইতিমধ্যে মাজুলীৰ কেইবাটাও অঞ্চলত কৰ’ণাৰ গণসংক্ৰমণৰ তথ্যও পোহৰলৈ অহিছে ৷ ইতিমধ্যে জিলাখনত 165 গৰাকী লোক এই অতিমাৰীত আক্ৰান্ত হৈছে ৷ যি সময়ত ক'ভিডক প্ৰতিহত কৰাৰ বাবে চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা প্ৰৱৰ্তন কৰিছে ৷ সেই সময়ত এনেধৰণৰ দৃশ্যই সকলো সচেতন লোকৰ মনলৈ শংকা কঢ়িয়াই আনিছে । বৰ্তমান মাজুলীত প্ৰতিদিনেই গণসংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক:এফালে নাটনি আনফালে এগৰাকীয়ে একে দিনাই পালে দুপালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.