ETV Bharat / state

চিতাৰ জুইত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ - চিতাৰ লেলিহান শিখাত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ

মৃত্যুৰ পাচতো অমৰ হৈ ৰ'ব শ্বহীদ মৃত্যুঞ্জয়ৰ দেশভক্তি ৷ দেশমাতৃক ৰক্ষাৰ হকে নিজৰ জীৱন উচৰ্গা কৰা শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ পালেহি ধেমাজিৰ চিচিবৰ গাঁও ৷

শ্বহীদ মৃত্যুঞ্জয় চুতীয়া
শ্বহীদ মৃত্যুঞ্জয় চুতীয়া
author img

By

Published : Dec 26, 2020, 7:03 PM IST

Updated : Dec 26, 2020, 8:27 PM IST

ডিব্ৰুগড়, 26 ডিচেম্বৰ: কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত ধেমাজিৰ চিচিবৰগাঁৱৰ বীৰ জোৱান গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ শনিবাৰে CRPF ৰ 115 নং বেটেলিয়ানত কৰ্মৰত শ্বহীদ গৰাকীৰ নিথৰ দেহ ইণ্ডিগ'ৰ বিমানযোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰলৈ লৈ অনা হয় ৷ তাৰ পাচতেই পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা তেওঁৰ আপোন গাঁও খনলৈ ৷

চিতাৰ জুইত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ

কাশ্মীৰৰ গাণ্ডাৰৱাল জিলাত অনুষ্ঠিত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত সুৰক্ষাৰ দায়িত্বত নিয়োগ হৈ আছিল শ্বহীদ জোৱান গৰাকী ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 4:30 বজাত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱা 4 গৰাকীকৈ জোৱানৰ মাজতে আছিল অসমৰ সু-সন্তান গৰাকীও ৷ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চিচিবৰগাঁৱৰ গেলুৱা আদৰ্শ গাঁৱৰ ছবিলাল চুতীয়া আৰু চন্দ্ৰিকা চুতীয়াৰ পুত্ৰ মৃত্যুঞ্জয় চুতীয়া ৷

আঘাতপ্ৰাপ্ত সৈনিকগৰাকীক ততাতৈয়াকৈ শ্ৰীনগৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 5.40 বজাত শেষ নিশ্বাস ত্যাগ কৰে বীৰ জোৱানগৰাকীয়ে ৷ শনিবাৰে প্ৰয়াত জোৱানগৰাকীৰ নশ্বৰদেহ মোহনবাৰী বিমানবন্দৰ পোৱাৰ পাচতে CRPF বাহিনীৰ উপ-পৰিদৰ্শক, অসম আৰক্ষীৰ উপ-পৰিদৰ্শককে ধৰি বহু উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বিমানবন্দৰতে সামৰিক মৰ্যাদাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ নিজ গাঁও গেলুৱাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদ গৰাকীৰ ৷ তেওঁৰ শেষকৃত্য অনুষ্ঠানত ধেমাজিৰ জিলা উপায়ুক্তকে ধৰি, বহু দল-সংগঠনৰ লোক আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও

Last Updated : Dec 26, 2020, 8:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.