মাজুলী,29 অক্টোবৰ : মাজুলীৰ বিৰিনাবাৰী গাঁৱৰ এটি পৰিয়াললৈ নামি আহিছে কাল অমানিশা ৷ গাঁওখনৰ ৰুণু বৰা নামৰ বিধৱা মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ পাচত দিন হাজিৰা কৰি কোনোমতে তিনিটা সন্তানক পোহপাল দি আহিছে । কিন্তু দৰিদ্ৰ মহিলা গৰাকী আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷
বেমাৰৰ পৰা পৰিত্রাণ পাবলৈ প্রথমে মাজুলীৰ আৰু তাৰ পাচত যোৰহাটত চিকিৎসা কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ যাবলৈ উপদেশ দিয়ে ৷ গাঁৱৰ ৰাইজে সহায় কৰা কিছু সাহাৰ্যৰ সৈতে গুৱাহাটীলৈ লৈ যোৱাৰ পাচত মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰে ৷
টকাৰ অভাৱত গুৱাহাটীৰ পৰা ঘৰলৈ ঘূৰি আহে দুৰ্ভগীয়া বিধৱা মহিলাগৰাকী ৷ চিকিৎসাৰ বাবে অন্য উপায় নেদেখি ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে ৰুণু বৰাই । মহিলাগৰাকীয়ে সকলো ৰাইজৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনাইছে ।
কোনো সদাশয় লোকে সহায় আগবঢ়াবিচাৰিলে UBI, Kamalabari Branch, একাউণ্ট নম্বৰ-0646010399838, IFSC-UTBI0KBRG02 যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ