ETV Bharat / state

মাজুলীত বন্যহস্তীৰ তাণ্ডৱঃ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড

মাজুলীৰ শালমাৰ পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড হাতীৰ জাকৰ ৷ নিশা হ'লেই গাঁৱত প্ৰৱেশ কৰে বন্যহস্তীৰ বৃহৎ জাকে ৷

মাজুলীত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Aug 3, 2019, 3:47 PM IST

মাজুলী,3 আগষ্টঃ বন্যহস্তীৰ সন্ত্ৰাসত কম্পমান মাজুলীবাসী ৷ আন্ধাৰ হোৱাৰ লগে লগে মাজুলীৰ শালমাৰ অঞ্চলত তাণ্ডৱ চলাই বন্যহস্তীৰ জাকে ৷ শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত উলাই অহা 150 জনীয়া হাতীৰ এটা বৃহৎ জাকে শালমাৰ পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে ৷ নিশা অহা হাতীৰ জাকটো বৰ্তমানেও শালমাৰ গাওঁতে অৱস্থান কৰি আছে । মাজুলীৰ বন বিভাগৰ লোকে হাতীৰ বৃহৎ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই । উল্লেখ্য যে কিছু দিন পূৰ্বে হাতীৰ আক্ৰমণত দক্ষিণপাট কুমাৰ গাঁৱৰ ৰুণু কলিতা নামৰ এগৰাকী মহিলা নিহত হৈছিল আৰু চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ।

নিশা হ'লেই গাঁৱত প্ৰৱেশ কৰে বন্যহস্তীৰ বৃহৎ জাকে

Intro:মাজুলীত নিশা নিদ্ৰা হৰণ কৰিছে বন্যহস্তীয়ে।
বৃহত্তৰ শালমাৰ অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস।
সংকীত গাঁও বাসী।
শালমাৰ পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড।

মাজুলীত পুনৰ হাতীৰ সন্ত্ৰাস। নিশা 12 মান বজাত 150 জনীয়া এটা বৃহত হাতীৰ জাকে খাদ্যৰ সন্ধান শালমাৰ গাঁৱত পৰিবেশ কৰে আৰু হাতীৰ জাক টোৱে শালমাৰ 5 টা পৰিয়াল ঘৰ ভাঙি লণ্ড ভণ্ড কৰে । নিশা অহা হাতীৰ জাক টো বৰ্তমাননো শালমাৰ গাওঁতে অৱস্থান কৰি আছে । মাজুলীৰ বন বিভাগৰ লোকে খেদি পঠাবলৈ চেষ্টা কৰিছে যদিও কিন্তু বৃহত জাক তো খেদি পঠিয়াব পৰা নাই । কিছু দিন পূৰ্বে হাতীৰ আক্ৰমণত দক্ষিণপাট কুমাৰ গাৱৰ ৰুণু কলিতা নামৰ মহিলা গৰাকী নিহত হৈছিল আৰু চাৰি গৰাকী আহত হৈছিল। তেনে আক্ৰমণ শালমাৰ হয় বুলি সংকীট হৈ পৰিছে গাঁও বাসী । Body:গাঁওবাসী আহ্বান শালমাৰ অঞ্চলত অৱস্থান কৰা হাতীৰ জাক টো অতি সোনকালে বনাঞ্চললৈ বন বিভাগে খেদি পঠাবলৈ অনুৰোধ জনাইছে ।
বাইট Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.